এ আই ইউ ডি এফ – বিজেপিৰ বি টীম কোৱাৰ নৈতিক অধিকাৰ নাই কংগ্ৰেছৰ : বিধায়ক ৰফিকূল ইছলাম

কংগ্ৰেছ আৰু বিজেপি একাকাৰ হৈ গৈছে ৷কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতা সকলেই বিজেপিত গৈ ডাঙৰ ডাঙৰ নেতা হৈ মন্ত্ৰীত্ব লৈছে ৷কংগ্ৰেছ দলেই বিজেপি দলক একাকাৰ কৰিছে ৷তেনেক্ষেত্ৰত ইউ ডি এফ দলক বিজেপিৰ বি টীম কোৱাৰ নৈতিক অধিকাৰ নাই ৷বিজেপি দলৰ স্বেচ্ছাচাৰীতা ,সম্প্ৰদায়িকতাৰ বিৰুদ্ধে ইউ ডি এফ দলে বিৰোধীতা কৰি আহিছে ৷ভৱিষ্যতও কৰি যাব বুলিও স্পষ্ট ভাৱে মতপোষণ কৰে ইউ ডি এফ দলৰ জনিয়া সমষ্টিৰ বিধায়ক ৰফিকূল ইছলামে ৷আজি ২৮ নং গোসাইগাঁও সমষ্টিৰ ইউ ডি এফ দলৰ প্ৰাৰ্থী খাৰুল আনাম খন্দকাৰৰ হৈ প্ৰচাৰ চলাব আহি সমষ্টিটোৰ হাৰাপুটাত সংবাদ মাধ্যমৰ আগত আৰু কয় যে উপ নিৰ্বাচনত ভৱানীপুৰ আৰু গোসাইগাঁও সমষ্টিত ইউ ডি এফ দলৰ স্হিতি ভাল ৷গোসাইগাঁও সমষ্টিত ইউ ডি এফ দলৰ প্ৰাৰ্থী মাৰ্জিন ভোটত জিকিব বুলি সদৰী কৰে বিধায়ক গৰাকীয়ে ৷

Related Articles