নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত লাহৰিঘাটৰ সৰুচলাত শনিবাৰে নিশা এ আই ইউ ডি এফৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায়। জানিব পৰা মতে, লাহৰিঘাট সমষ্টি কমিটীৰ সহযোগত জিলা সভাপতি ছিদ্দিক আহমেদৰ সভাপতিত্বত সৰুচলা খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজহুৱা সভা খনত সোনাই সমষ্টিৰ বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু ধিং সমষ্টিৰ বিধায়ক আলহাজ আমিনুল ইছলামে কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত তলা চাবিৰ ছবিত ভোট দি এই আই ইউ ডি এফৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়।
ৰাজহুৱা সভাখনত এই আই ইউ ডি এফৰ সাধাৰণ সম্পাদক চম্পক কলিতাই সংখ্যা লঘু ৰাইজৰ বিভিন্ন সমস্যাৰ ওপৰত ভাষণ দিয়াৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায়। আজিৰ এই ৰাজহুৱা সভা খনত দলটোৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক ফকৰ উদ্দিনে কংগ্ৰেছক সমালোচনা কৰি তেওঁৰ দীঘলীয়া ভাষনত কয়- ১৩৮ বছৰীয়া বৃদ্ধ কংগ্ৰেছক সাৰ-পানী দি লাভ নাই। ১৮ বছৰীয়া এ আই ইউ ডি এফক সাৰ-পানী দিয়ক, নিশ্চয় ইয়াৰ ভাল ফল পাব।

