Breaking

যমুনামুখত এআইইউডিএফৰ স্থিতি থৰক-বৰকঃ সুযোগৰ অপেক্ষাত বিজেপি,অজাপ

0 2,038

ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত যমুনামুখ সমষ্টি ৷ বৰ্তমান সমষ্টিটোৰ বিধায়ক আব্দুৰ ৰহিম আজমল ৷ তেখেত ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ দ্বিতীয় পুত্ৰ ৷ ১৯৫১ চনৰ পৰা সমষ্টিটোক একাধিক্ৰমে ১৬ গৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ ১৯৫১ চনত কংগ্ৰেছ দলৰ বিমলাকান্ত বৰা, ১৯৫৭ চনত কংগ্ৰেছৰ পৰা ৰহিমুদ্দিন আহমেদ, ১৯৬২ চনত কংগ্ৰেছৰ পৰা বেগম আফিয়া, ১৯৬৭ চনত লক্ষ্মীপ্ৰসাদ গোস্বামী, ১৯৭২ চনত কংগ্ৰেছ দলৰ পৰা দেবেন্দ্ৰনাথ বৰা, ১৯৭৮ চনত জনতা দলৰ পৰা মোজাম্মিল আলী চৌধুৰী, ১৯৮৩ চনত কংগ্ৰেছ দলৰ পৰা ফৰমান আলী, ১৯৮৫ চনত ইউএমএফৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবী, ১৯৯১ চনত কংগ্ৰেছ দলৰ পৰা দ্বিতীয় বাৰৰ বাবে মৌলানা আব্দুল জলিল ৰাগিবী নিৰ্বাচিত হয় ৷ একেদৰে ১৯৯৬ আৰু ২০০১ চনত সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ অগপ দলৰ পৰা আলহাজ খলিলুৰ ৰহমান চৌধুৰী বিধায়ক নিৰ্বাচিত হৈছিল ৷ ২০০৬ চনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হয় মৌলানা বদৰুদ্দিন আজমল ৷ তেওঁ এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় ৷ বদৰুদ্দিন আজমলে সেই বছৰ দুটা সমষ্টি ক্ৰমে দক্ষিণ শালমাৰা আৰু যমুনামুখ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত তেওঁ যমুনামুখ আসন খন এৰি দিয়ে ৷ অনুষ্ঠিত হয় উপ নিৰ্বাচন ৷ ২০০৬ চনত অনুষ্ঠিত উপ নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমল ৷ তাৰ পিছৰ পৰা ক্ৰমান্বয়ে ২০১১ চনত ছিৰাজুদ্দিন আজমল, ২০১৪ চনৰ উপ নিৰ্বাচনত আব্দুৰ ৰহিম আজমল, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আব্দুৰ ৰহিম আজমল পুনৰ বিধায়ক নিৰ্বাচিত হয় ৷ সমষ্টিটোত এতিয়ালৈকে দুটাকৈ উপ নিৰ্বাচন সহ মুঠ ১৬ বাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ৷ তাৰে মৌলানা আব্দুল জলিল ৰাগিবী, আলহাজ খলিলুৰ ৰহমান চৌধুৰী, ছিৰাজুদ্দিন আজমল, আব্দুৰ ৰহিম আজমল সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকীসকল এবাৰকৈ নিৰ্বাচিত হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰা সুযোগ পায় ৷ এতিয়ালৈকে সমষ্টিটোক মুঠ ১২ গৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ তাৰে মোজাম্মিল আলী চৌধুৰী (১৯৭৮), ফৰমান আলী (১৯৮৩), মৌলানা আব্দুল জলিল ৰাগিবী (১৯৮৫, ১৯৯১), আলহাজ খলিলুৰ ৰহমান চৌধুৰী (১৯৯৬, ২০০১) যমুনামুখৰ স্থানীয় ভোটাৰ হোৱাৰ বিপৰীতে বাকী আটাইসকল সমষ্টিৰ বাহিৰৰ লোকে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক গৰাকীও হোজাই সমষ্টিৰ গোপালনগৰৰ ভোটাৰ ৷ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এমাহ মান সময় বাকী ৷ এনে অৱস্থাত ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে যমুনামুখতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ এই পৰ্যন্ত সমষ্টিটোত নিৰ্বাচনী যুঁজত নামিবলৈ যিসকল ব্যক্তিৰ নাম উচ্চাৰণ হৈছে, সেই সকল হৈছে ক্ৰমে এআইইউডিএফৰ পৰা বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আজমল, প্ৰাক্তন বিধায়ক তথা বৰপেটাৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমল, বিধায়কৰ নমিনি মোহাম্মদ আলী, হাম হস্পিটালৰ ন্যাসৰক্ষী শ্বহিদ হুছেইন, ডবকাৰ বিশিষ্ট সমাজকৰ্মী আনোৱাৰ হুছেইন আৰু মৌলানা আব্দুল কাদিৰ কাছিমী ৷ নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল হৈছে ক্ৰমে সাংবাদিক জিয়াউৰ ৰহমান, অধিবক্তা আব্দুল হাচিব, পঞ্চায়ত সভাপতি বদৰুল হক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবু জাফৰ আটিয়া ৷ একেদৰে অগপৰ পৰা এনামুল কৰিম চৌধুৰী, ৰেজাউল কৰিম চৌধুৰী, জিয়া উদ্দিন আহমেদৰ নাম চৰ্চালৈ আহিছে ৷ কংগ্ৰেছৰ দলীয় টিকটৰ বাবে আবেদন কৰিছে যুৱ নেতা ৰেহান উদ্দিন, মাহমুদ হুছেইন, ৰেজিয়া চুলতানা, আব্দুল হান্নান আৰু চাহাবুদ্দিন মজুমদাৰে ৷ শাসকীয় বিজেপিৰ পৰা চৰ্চালৈ অহা নাম কেইটা হৈছে ক্ৰমে অমৰজ্যোতি শইকীয়া, নজমুল আলম লস্কৰ আৰু বিলাল উদ্দিন ৷ অখিল গগৈৰ ৰাজনৈতিক পাৰ্টি ৰাইজৰ দলৰ পৰা টিকটৰ আশাত বন্দী দিলোৱাৰা বেগম চৌধুৰী ৷ সমষ্টিটোৰ বিগত ছটা বিধানসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ এক তথ্য এনে ধৰণৰ ৷ ১৯৯১ চনত যমুনামুখ সমষ্টিত মুঠ ১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ বিজয়ী হয় কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবী ৷ তেওঁ লাভ কৰিছিল ১৪১৯২ টা ভোট ৷ তেওঁৰ নিকটতম নিৰ্দলীয় প্ৰাৰ্থী আবু জাফৰ আটিয়াই ১২৩৮৫ টা ভোট, চিপিআইৰ নুৰুল হুছেইনে ৯৩৭৪ টা ভোট, অগপৰ আব্দুৰ ৰহমান বৰভূঞাই ৭১৬৮ টা ভোট,  নিৰ্দলীয় প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰিছিল ৬৮৪৫ টা ভোট ৷ প্ৰায় ১৮০৭ টা ভোটত জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী আব্দুল জলিল ৰাগিবী ৷ ১৯৯৬ চনত অনুষ্ঠিত যমুনামুখ বিধানসভা সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ সেই বছৰ সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ২৮৮৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবীয়ে ১৯৬৩৪ টা ভোট, নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হোৱা আবু জাফৰ আটিয়াই ১১৮৯২ টা ভোট, বিজেপিৰ আবুল হুছেইনে ৫৫১৪ টা ভোট, নিৰ্দলীয় আব্দুল হান্নানে ৩১০২ টা ভোট আৰু চিপিআইৰ নুৰুল হুছেইনে লাভ কৰিছিল ২০৮৩ টা ভোট ৷ সেই বছৰ অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৯২৬৫ টা ভোটত জয়ী হৈছিল ৷ ২০০১ চনত যমুনামুখ সমষ্টিত মুঠ ৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হয় ৷ জয়ী হৈছিল অগপৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ৪৭২৫৫ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মৌলানা আব্দুল জলিল ৰাগিবীয়ে ৩৭৬১৪ টা ভোট লাভ কৰিছিল ৷ ৯৬৪১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে খলিলুৰ ৰহমান চৌধুৰীয়ে ৷ ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছিল ৷ নৱগঠিত ৰাজনৈতিক দল এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি মৌলানা বদৰুদ্দিন আজমলে ৫৩০৪০ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে অগপৰ খলিলুৰ ৰহমান চৌধুৰীয়ে ৩২৬১১ টা ভোট, এনচিপিৰ চামচুল হক তালুকদাৰে ১৪৫৫৫ টা ভোট, বিজেপিৰ আবুল হুছেইনে ১৮৪২ টা ভোট আৰু কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আনোৱাৰ হুছেইনে লাভ কৰিছিল ২৬৭৩ টা ভোট ৷ বদৰুদ্দিন আজমল ২০৪২৯ টা ভোটৰ ব্যৱধান জয়ী হয় ৷ সেই বৰ্ষত অনুষ্ঠিত উপ নিৰ্বাচনত আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় ৷ তেওঁ লাভ কৰে ৫৮২১০ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰীয়ে লাভ কৰে ৪৫০৪৩ টা ভোট ৷ ভোটৰ ব্যৱধান হয় ১৩১৬৭ টা ভোট ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ১২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় ৷ বিজয়ী হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমল ৷ তেওঁ লাভ কৰিছিল ৬১২৬৭ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰেজাউল কৰিম চৌধুৰীয়ে ৪৮৫৪১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ নজমুল আলম লস্কৰে লাভ কৰে ৪২৩৮ টা ভোট ৷ ১২৭২৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ছিৰাজুদ্দিন আজমল ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত চিৰাজুদ্দিন আজমল বৰপেটাৰ পৰা সাংসদ নিৰ্বাচিত হোৱাত সমষ্টিটোত পুনৰবাৰ উপ নিৰ্বাচন অনুষ্ঠিত হয় ৷ উপ নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ প্ৰাৰ্থী হয় তেওঁৰ পুত্ৰ আব্দুৰ ৰহিম আজমল ৷ তেওঁ লাভ কৰে ৬২১৫৩ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰে ৩৯১৯৪ টা ভোট ৷ ২০১৬ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনতো বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় এআইইউডিএফে ৷ বিজয়ী হয় এআইইউডিএফৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আজমল ৷ সমষ্টিটোৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ আজমল-পুত্ৰই লাভ কৰে ৬৫৫৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে লাভ কৰে ৫২১৯৫ টা ভোট, কংগ্ৰেছৰ বসিৰ উদ্দিন লস্কৰে ২৩৮৪৯ টা ভোট, অগপৰ প্ৰাৰ্থী জিয়া উদ্দিন আহমেদে লাভ কৰে ৪৭৩২ টা ভোট ৷ ১৩৪০৪ টা ভোটৰ ব্যৱধানত জয়ী হয় আব্দুৰ ৰহিম আজমল ৷ আজমলৰ দখলত থকা সমষ্টিটোত তেওঁৰ বিৰুদ্ধে প্ৰৱল হৈ উঠিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ এই দৃষ্টিত এইবাৰ আজমলৰ বাবে মুঠেই মসৃণ হৈ থকা নাই সমষ্টিটো পুনৰুদ্ধাৰ কৰা ৷ কাৰণ, বছৰটোৰ সৰহ সময় মুম্বাই-ডুবাইত থকা আজমল পুত্ৰই সমষ্টিত ভৰি দিয়াৰ লগে লগে ৰাইজৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হবলগীয়া হৈছে ৷ ইতিমধ্যে কেবাবাৰো জনৰোষৰ বলি হৈছে আজমল-তনয় ৷ এনে অৱস্থাত আজমলৰ বাবে সমষ্টিটো উদ্ধাৰৰ কৌশল হৈছে কংগ্ৰেছৰে মিত্ৰতা ৷ মিত্ৰ কংগ্ৰেছৰ কান্ধত বন্দুক থৈ আজমলে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে ৷ সমষ্টিটো উদ্ধাৰৰ বাবে আজমলৰ ওচৰত এই সময়ত মিত্ৰতাৰ বিকল্প নাই ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হোৱাৰ সূত্ৰে সমষ্টিটো আজমলৰ ভাগত পৰিলে উদ্ধাৰ হোৱাৰ এক ক্ষীণ আশা আছে ৷ যদি কংগ্ৰেছ কৰ্মীসকলে সেই মিত্ৰতা মানি নলৈ অন্য কোনো স্থানীয় বিকল্প প্ৰাৰ্থীক সমৰ্থন কৰে, তেন্তে আজমলৰ বাবে নিশ্চিত বিপদ ঘন্টা বাজিব ৷ আজমলৰ বিৰুদ্ধে প্ৰৱল অধিষ্ঠান বিৰোধী ঢৌৰ সুযোগ গ্ৰহণ কৰি সমষ্টিটোত কংগ্ৰেছে এক শক্তিশালী খোপনি পুতিবলৈ সক্ষম হৈছে ৷ বিগত পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ দলে ৷ এনে অৱস্থাত কংগ্ৰেছে সমষ্টিটো একেবাৰে সহজতে বদৰুদ্দিন আজমলক এৰি দিবলৈ প্ৰস্তুত নহয় ৷ কংগ্ৰেছৰ সমানে সমষ্টিটোত ৰাইজৰ দলেও প্ৰচাৰৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ৷ বিশিষ্ট ব্যৱসায়ী ইমদাদ আলীৰ পত্নী তথা যমুনামুখৰ দুবাৰৰ বিধায়ক প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰীৰ কন্যা দিলোৱাৰা বেগম চৌধুৰীয়ে ৰাইজৰ দলৰ হৈ তীব্ৰ প্ৰচাৰ অভিযান আৰু জনসংযোগ যাত্ৰা আৰম্ভ কৰিছে ৷ সামাজিক মাধ্যমৰ জৰিয়তেও চলাইছে জোৰদাৰ প্ৰচাৰ ৷ অসম জাতীয় পৰিষদেও সমষ্টিটোত সৱল কৰি তুলিছে সাংগঠনিক ভেটি ৷ ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে দুবাৰকৈ আহি সমষ্টিটোত চলাই গৈছে প্ৰচাৰ ৷ শাসকীয় বিজেপি দলে সমষ্টিটো নিজৰ দখলত নিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে ৷ দলটোৰ হৈ অধিবক্তা অমৰজ্যোতি শইকীয়া শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ ৷ বুথ সভা, পৃষ্ঠা প্ৰমূখ সন্মিলন পাতি অমৰজ্যোতি শইকীয়াই সমষ্টিটোত বিজেপিৰ সৱল সাংগঠনিক ভেটিৰ উমান দিছে দলৰ শীৰ্ষ নেতৃত্বক ৷ সমষ্টিটোত এক শক্তিশালী গণভিত্তি থকা প্ৰয়াত বিধায়ক খলিলুৰ ৰহমান চৌধুৰীৰ উত্তৰসূৰী ৰেজাউল কৰিম চৌধুৰীয়ে সমষ্টিটোত প্ৰচাৰ অভিযানৰ সমানে ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা দেখা গৈছে ৷ তেওঁক সাংগঠনিক কাম-কাজত সহযোগ কৰিছে ব্যৱসায়ী ভাতৃ এনামুল কৰিম চৌধুৰীয়ে ৷ মুঠতে সমষ্টিটোত কোনো দলে প্ৰচাৰৰ ক্ষেত্ৰত কৃপণালি কৰা নাই ৷ এজেপি-ৰাইজৰ দলৰ মিত্ৰতা, বিজেপি-অগপৰ মিত্ৰতা, কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ঠিকে থাকিলে আৰু অনাগত সময়ত আৰু বহু ৰাজনৈতিক সমীকৰণ ওলাব ৷

Leave A Reply