Breaking

আজি বিশ্ব চাইকেল দিৱস

0 231

 প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।

বিশ্ব চাইকেল দিৱস উপলক্ষে বড়োলেণ্ড সাংবাদিক সন্থাৰ উদ্যোগত আৰু বিটিআৰ পৰ্যটন বিভাগ আৰু তামুলপুৰ প্ৰেছ ক্লাৱৰ সহযোগত আজি তামুলপুৰ প্ৰেছ ক্লাৱৰ পৰা এটি চাইকেল ৰেলী উলিয়াওৱা হয় ৷ সু স্বাস্থ্য, ইন্ধন ৰাহি কৰা, প্ৰদুষণ মুক্ত পৰিবেশ গঢ়ি তোলা আৰু প্ৰকৃতি ৰক্ষাৰ শ্ল’ গানেৰ যাতায়তৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰ কৰিবলৈ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আয়োজন কৰা চাইকেল ৰেলীটো শুভ উদ্বোধন কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ন দাসে।


তামুলপুৰ জিলা সদৰস্থিত তামুলপুৰ প্ৰেছ ক্লাৱৰ কাৰ্যালয়ৰ পৰা কুমাৰীকাটা বজাৰ হৈ প্ৰায় ৩০ কিল’মিটাৰ চাইকেল ৰেলীত তামুলপুৰৰ সাংবাদিক, অৱসৰ প্ৰাপ্ত কৰ্মচাৰী, ছাত্ৰ, সমাজকৰ্মী, দল সংগঠনৰ নেত কৰ্মী, প্ৰকৃতি প্ৰেমী সচেতন ৰাইজে অংশ গ্ৰহণ কৰে।

Leave A Reply