অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্যায়ৰ এজন কবি : প্ৰদীপ খাটনিয়াৰ ৷ পঞ্চম অজিত বৰুৱা স্মাৰক বক্তৃতা সম্পন্ন

গুৱাহাটী : ‘সাহিত্যত পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগৰ ধাৰাটো বহু পুৰণি ৷ বিশ্বৰ বহু শ্ৰেষ্ঠ সাহিত্যিকৰ লগতে আমাৰ শংকৰদেৱ-মাধৱদেৱৰ সৃষ্টিতো এই প্ৰয়োগ উপস্থিত ৷ অজিত বৰুৱাও শংকৰ-মাধৱৰ সেই ধাৰাৰে অনুগামী ৷’ ১৯ আগষ্টৰ বিয়লি পাঁচ বজাৰ পৰা অনলাইনযোগে অনুষ্ঠিত পঞ্চম অজিত বৰুৱা স্মাৰক বক্তৃতা প্ৰদান কৰি এইদৰে কয় কটন বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক প্ৰদীপ খাটনিয়াৰে ৷ অজিৎ বৰুৱা অনুৰাগী সমাজ আৰু সোণাপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ যুটীয়া উদ্যোগত আধুনিক অসমীয়া সাহিত্যৰ অন্যতম প্ৰধান কবি, ঔপন্যাসিক, সমালোচক, অনুবাদক, অজিত বৰুৱাৰ ৯৪ সংখ্যক জন্ম দিৱসৰে সংগতি ৰাখি আয়োজিত ‘অজিত বৰুৱা আৰু পাণ্ডিত্যৰ সৃষ্টিশীল প্ৰয়োগ’ শীৰ্ষক এই বিশেষ বক্তৃতাত খাটনিয়াৰে লগতে কয়– ‘অজিত বৰুৱা বিশ্বৰ যিকোনো শ্ৰেষ্ঠ কবিৰ সম পৰ্য্যায়ৰ এজন কবি ৷ তেওঁৰ সাত-আঠটামান কবিতা বিশ্বৰ যিকোনো ভাষাৰ সাহিত্যৰ শ্ৰেষ্ঠ কবিতাসমূহৰ সম পৰ্য্যায়ৰ ৷’ ঝুম এপৰ মাধ্যমত আৰু সমান্তৰালভাৱে ফে’চবুক লাইভযোগে সম্পন্ন এই আভাসী বক্তৃতাত খাটনিয়াৰে লগতে কয়– ‘উপমা, ৰূপক, চিত্ৰকল্প হ’ল কাব্যৰ আত্মা ৷ জীৱন আৰু জগতৰ বিচিত্ৰ ৰূপ দৰ্শন কৰি পোৱা ইন্দ্ৰিয়ানুভূতিয়েই কাব্যভাষাৰ প্ৰকাশিকা শক্তিৰ একমাত্ৰ সমল নহয় ৷ এইবোৰৰ উপৰি অজিত বৰুৱাই তেওঁৰ কাব্যৰ উপমাসমূহ আহৰণ কৰিছিল প্ৰধানকৈ অধ্যয়নৰ পৰা৷ অজিত বৰুৱাৰ কাব্যত দাৰ্শনিক চিন্তাৰ উপাদানসমূহো মন কৰিবলগীয়া ৷ কবিয়ে মানি চলা নূ্নতমবাদ (Minimalism) তেওঁৰ সৃষ্টিৰ এক স্বকীয় বৈশিষ্ট্য৷ আধুনিক মনৰ দ্বিধাগ্ৰস্ততা, ‘Either-or’-ৰ দ্বিধা, জীৱন-মৃত্যুৰ দ্বন্দ্ব, বিশ্বজাগতিকৰ বিশালতাৰ সৈতে ক্ষুদ্ৰত্বৰ সংযোগ, Suggestiveness আৰু নামবাচক বিশেষ্যৰ প্ৰয়োগ, ইন্দ্ৰিয়জ সীমাৱদ্ধতা অতিক্ৰমণৰ প্ৰয়াস, মৃত্যুৰ সৈতে সম্পৰ্কিত গভীৰ দাৰ্শনিকবোধৰ প্ৰকাশ আদি অজিত বৰুৱাৰ কাব্যৰ অন্যতম বৈশিষ্ট্য ৷’ অজিত বৰুৱাৰ কবিতাৰ আংগিক নিৰ্মাণতো অধ্যয়নৰ বৰঙণিয়েই সৰ্বাধিক আছিল বুলি উল্লেখ কৰি খাটনিয়াৰে কয়– ‘অজিত বৰুৱাই কবিতাক এক নিৰ্মিত বস্তুৰূপেই উপস্থাপন কৰিছিল ৷ তেওঁ আত্মপ্ৰীতিৰ কাৰণে কবিতা লিখিলেও ই আত্মকেন্দ্ৰিকতা নাছিল, সহৃদয় পাঠকৰ তৃপ্তিলৈও সন্মান আছিল সেয়া ৷ অভিধান অধ্যয়নৰ পৰা প্ৰেৰণা লাভ কৰা অজিত বৰুৱাই আক্ষৰিক অনুবাদৰ আদৰ্শ গ্ৰহণ কৰিছিল ৷ তেনেই আপঁইতা অনুবাদ হ’লেও মূলৰ ওচৰ চাপিব পৰা ক্ষমতাতহে অনুবাদকৰ্মৰ সফলতা আছিল বুলি অজিৎ বৰুৱাই বিশ্বাস কৰিছিল ৷’’ অনুষ্ঠানৰ আৰম্ভণিতে আদৰণী ভাষণেৰে আটাইকে আদৰণি জনায় তথা বক্তৃতানুষ্ঠানটি সঞ্চালনা কৰে সোণাপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱব্ৰত খনিকৰে৷ অজিত বৰুৱা অনুৰাগী সমাজৰ উপ সভাপতি, কবি ৰাজীৱ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত অজিত বৰুৱাৰ বিষয়ে চমু চিত্তাকৰ্ষক বক্তব্য আগবঢ়ায় কবি, অনুৰাগী সমাজৰ সভাপতি অনুভৱ তুলসীয়ে ৷ সভাত অজিত বৰুৱাৰ নিৰ্বাচিত কবিতাৰ আবৃত্তি আগবঢ়ায় আবৃত্তিকাৰ অৱনী বৰা, ইন্দ্ৰজিৎ দাস আৰু কাকলি বৰাই৷ শেষত শলাগৰ শৰাই আগবঢ়ায় সোণাপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী ডঃ দীপজ্যোতি ডেকাই ৷

Related Articles