Breaking

বিৰোধী আঞ্চলিক শক্তিৰ মিত্ৰতাৰ গুৰি ধৰিব অজিত কুমাৰ ভূঞাই! বিধায়ক অখিল গগৈৰ ‘মিলন সূত্ৰ’ক লৈ সন্দিহান লুৰিণজ্যোতি…

0 33

চৰ্চা চলাৰ দৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নহয়, জাতীয় দলৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বতহে আগন্তুক সময়ত অসমত বিৰোধী আঞ্চলিক শক্তি সমূহ একত্ৰিত হ’ব৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কৰা মন্তব্যই ইয়াৰ ইংগিত দিছে ৷ লুৰীণজ্যোতি গগৈৰ মন্তব্যই স্পষ্ট কৰি দিছে যে বিধায়ক অখিল গগৈৰ “ মিলন সুত্ৰ” ক লৈ তেওঁ সন্দিহান হৈ পৰিছে৷ উল্লেখ্য, ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একলগ হোৱাৰ পোষকতা কৰিছিল। এই উদ্দেশ্যে লুৰীণজ্যোতি গগৈ, অজিত ভূঞা আৰু অখিল গগৈৰ মাজত কেইবাবাৰো বৈঠকো অনুষ্ঠিত হৈ গৈছে৷ কেইবাখনো বৈঠকত অংশগ্রহণ কৰিছিল। অখিল গগৈয়ে নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক দুয়োটা দল একলগ হোৱাৰো প্ৰস্তাৱ দিছিল।

নিৰ্বাচনৰ ভোটগ্রহণৰ পাছতে এই প্রক্রিয়া ত্বৰান্বিত হৈছে আৰু দুয়োটা পক্ষ এই লৈ কিছু দূৰ আগবঢ়াও পৰিলক্ষিত হৈছে। অখিল গগৈৰ প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাই অসম জাতীয় পৰিষদে ডিব্ৰুগড়ত অনুষ্ঠিত দলৰ এক কৰ্মনিৰ্ধাৰণত ৰাজ্যৰ আঞ্চলিক ৰাজনীতি শক্তিশালীকৰণৰ ক্ষেত্ৰত এক উমৈহতীয়া মঞ্চ গঠনৰ বাবেও ঐক্যমতত উপনীত হয়। ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে বাৰম্বাৰ অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল একগোট হোৱাৰ কথা কৈ আহিলেও শেহতীয়াকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে দুয়োটা দল একত্রিতকৰণৰ বিপৰীতে ৰাজ্যৰ জাতীয়তাবাদী ভাবাপন্ন আঞ্চলিক ৰাজনৈতিক দলসমূহ একেখন মঞ্চতে সমবেত হোৱাৰ ওপৰতহে গুৰুত্ব দিয়ে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত লুৰীণজ্যোতি গগৈয়ে কয় যে এটা শক্তিশালী ৰাজনৈতিক মঞ্চ গঠনৰ জৰিয়তেহে অসমৰ স্বাৰ্থ সুৰক্ষিত কৰিব পৰা যাব। ৰাজ্যৰ আঞ্চলিক ভাবাপন্ন কিন্তু বিভিন্ন আদর্শগত চিন্তা-চেতনা থকা ৰাজনৈতিক দলসমূহে একলগ হোৱাৰ ক্ষেত্ৰত কিছুমান সমস্যা থাকে। সেয়েহে সকলো আঞ্চলিক ৰাজনৈতিক দল একগোট হোৱাতকৈ একেখন মঞ্চৰ অধীনলৈ আহি জাতীয়তাবাদী শক্তিক অধিক শক্তিশালী কৰাটো বাঞ্ছনীয়। অসমত আঞ্চলিক ৰাজনৈতিক শক্তি কেৱল দুই গগৈৰ ওপৰতে নিৰ্ভৰ নকৰে বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে আৰু কয় যে অসমত আহোম, কছাৰী, তিৱা, মিচিং, ৰাভা আদি বিভিন্ন ধৰণৰ জাতি-জনগোষ্ঠী আছে আৰু এইসকলক লৈহে অসমৰ জাতীয়তাবাদী চিন্তাটো গঢ় লৈ উঠিছে।

এই সন্দর্ভত ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই ৰাজ্যৰ আঞ্চলিক ৰাজনৈতিক দলসমূহক একেখন মঞ্চৰ অধীনলৈ আনি শক্তিশালী কৰাৰ যি প্ৰস্তাৱ আগবঢ়াইছে, সেই প্রস্তাৱ বিজ্ঞানসন্মত আৰু বাস্তৱসন্মত। গতিকে অজিত ভূঞাৰ প্ৰস্তাৱৰ আধাৰতে আমি আগবঢ়াটো উচিত। উল্লেখ কৰিব পাৰি যে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ একত্ৰিকৰণ সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে নিজৰ প্ৰস্তাৱ দাঙি ধৰি ৰাইজৰ দল একত্ৰিকৰণক লৈ সন্মত আৰু এতিয়া বল অসম জাতীয় পৰিষদৰ ক’ৰ্টত বুলি মন্তব্য কৰিছিল। যদিহে অসম জাতীয় পৰিষদ এই লৈ সন্মত হয়, তেনেহ’লে এটা নতুন ৰাজনৈতিক দলৰ জৰিয়তে বিজেপিবিৰোধী অৱস্থান শক্তিশালী কৰিব পৰা যাব। অখিল গগৈৰ এই মন্তব্যৰ পাছতে আজি লুৰীণজ্যোতি গগৈয়ে অখিল গগৈৰ এই প্ৰস্তাৱৰ বিপৰীতে ৰাইজৰ সৰু-বৰ সকলো আঞ্চলিক তথা জাতীয়তাবাদী ৰাজনীতিত বিশ্বাস কৰা দলক লৈ এখন উমৈহতীয়া মঞ্চৰ পোষকতা কৰে।

Leave A Reply