মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত বিভিন্নজনৰ শোকপ্ৰকাশ।(Ajit Pawar Plane Crash)
VSR এভিয়েশ্যনৰ VT-SSK বিমানখনত বাৰামতীলৈ গৈছিল অজিত পাৱাৰ।
বাৰামতী বিমান বন্দৰত অৱতৰণৰ সময়তে বিমানখন দুৰ্ঘটনাত পতিত।
দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ নাম Learjet 45XR।
দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা উদ্ধাৰ হৈছে ৩ জনকৈ লোকৰ মৃতদেহ।
বিমানখনত থকা অজিত পাৱাৰসহ ৬ গৰাকীৰেই মৃত্যুৰ খবৰ।
পুৱা ৮:৪৫ বজাত সংঘটিত হৈছিল এই দুর্ঘটনা।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ শোকপ্ৰকাশ।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শিৱ সেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীৰ শোকপ্ৰকাশ।
বাৰামতীত হোৱা দুৰ্ঘটনাৰ শোকপ্ৰকাশ সাংসদ এন.কে. প্ৰেমচন্দ্ৰনৰ।
দুৰ্ঘটনাৰ উচিত তদন্তৰ দাবী কৰিলে সাংসদগৰাকীয়ে।

