বিশিষ্ট শিক্ষাবিদ (Ajit Thakur) দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান।
বিশিষ্ট শিক্ষাবিদ দেৰগাঁৱৰ ইন্দ্ৰানী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ প্ৰাক্তন সভাপতি অজিত ঠাকুৰৰ দেহাৱসান। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৬বছৰ।
মৃত্যুৰ সময়ত তেখেতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পত্নী দিপালী শৰ্মা,একমাত্ৰ পুত্ৰ,একমাত্ৰ জীয়াৰী,নাতি -নাতিনী সহ বহু আত্মীয় কুটুম্বক ইহ সংসাৰত এৰিথৈ গৈছে। আজি দুপৰীয়া তেখেতৰ নশ্বৰ দেহ একালৰ কৰ্মভূমি ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অন্তিম শ্ৰদ্ধা জনাবলৈ আনোতে এক শোকাকুল পৰিৱেশ বিৰাজমান হয়।
বিয়লি নিজ বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। তেখেতে ২০১১চনৰ পৰা ২০১৩চনলৈ ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল।

