Breaking

ভূপেন বৰাক পদত্যাগ কৰাৰ আহ্বান আজমলৰ

0 56

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পলিচি অল ইণ্ডিয়াত ফেল মাৰিলে। এই ভাষ্য এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ। সংবাদমাধ্যমৰ আগত সাংসদ গৰাকীয়ে এই মন্তব্য কৰি কয় যে বেচেৰাই ফটকা জমাই ৰাখিছিল ফুটাবলৈ পিচে নহ’ল বুলিও কটাক্ষ কৰে।

বদৰুদ্দিন আজমলে ভূপেন বৰাসহ সকলো কংগ্ৰেছৰ নেতাই পদত্যাগ কৰি বিজেপিত যোগদান কৰিবলৈকো পৰামৰ্শ দি কয় যে চেমি ফাইনেলৰ ৰিজাল্টে ২০২৪ বৰ্ষত কোনে প্ৰধানমন্ত্ৰী হব কোনে চৰকাৰ গঠন কৰিব সেয়া স্পষ্ট হৈ পৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

আনহাতে সদ্য ঘোষিত ৪ ৰাজ্যৰ ফলাফলত কংগ্ৰেছ দলে তিনিখন ৰাজ্যত বিজয় হোৱাৰ আশা কৰিছিল বুলি উল্লেখ কৰি অসমত ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ শূন্য হ’ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। একেদৰে সাংসদ গৰাকীয়ে ভূপেন বৰাক পাগল আখ্যা দিয়াৰ লগতে ৰাজনৈতিক ব্যক্তি নহয় বুলিও মত প্ৰকাশ কৰে।

উল্লেখ্য যে আজি ভোটগননাৰ দিনটোত মহাভৈৰৱ মন্দিৰত পুজা অৰ্চনা কৰি দলটোৰ ভাল খবৰলৈ অপেক্ষা কৰিছিল যদিও ভবা মতে কাৰ্য সিদ্ধি নোহোৱাত মৌনব্ৰত পালন কৰি সংবাদমাধ্যমৰ পৰা আতৰি ফুৰা পৰিলক্ষিত হৈছে।

আনহাতে সোমবাৰে ভোটগননা হ’ব মিজোৰামত। স্থানীয় উৎসৱ উপলক্ষে ভোট গননা পিছুৱাই দিছিল কেন্দ্ৰীয় নিৰ্বাচন আয়োগে।

Leave A Reply