Breaking

দৰিদ্ৰ শিক্ষিত নিবনুৱালৈ ই-ৰিক্সা প্ৰদান আজমল ফাউণ্ডেচনৰ

0 66

স্বেচ্ছাসেৱী সংস্থা আজমল ফাউণ্ডেচনৰ জৰিয়তে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ১৭ গৰাকী দৰিদ্ৰ লোকলৈ ই-ৰিক্সা বিতৰণ কৰা হয়৷ আজমল ফাউণ্ডেচনৰ ন্যাসৰক্ষী ছিৰাজুদ্দিন আজমলে আজি হোজাইত অনুষ্ঠিত হোৱা এখন সভাত বিতৰণ কৰে ই-ৰিক্সাসমুহ ৷ ই-ৰিক্সাৰ জৰিয়তে দৰিদ্ৰ লোকসকলে উপাৰ্জন কৰি যাতে নিজৰ পৰিয়ালটো পোহপাল দিব বাবে তাৰ বাবেই মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ নিৰ্দেশক্ৰমে আজমল ফাউণ্ডেচনে আজি ধুবুৰীৰ সুমন আখতাৰ আৰু আশীষ কুমাৰ ৰয়, বৰপেটাৰ তৰুণ চন্দন স্বৰ্গীয়াৰী আৰু হিমনজ্যোতি দাস, মোৰাঝাৰ চাবাজপুৰৰ ৰাখাল চন্দ্ৰ মজুমদাৰ আৰু আব্দুল জব্বাৰ, যমুনামুখ জংগলব্লকৰ লিয়াকত আলী, ডবকা টাউনৰ ৰাণু দাস, যমুনামুখ বালিৰাম গাঁৱৰ সঞ্জীৱ দাস, কাছাৰ নয়াবাৰীৰ সঞ্জীৱ দাস, হোজাই বিষ্ণুপল্লীৰ অৰিজিত পাল, কৰিমগঞ্জৰ বিষ্ণু বিশ্বাস আৰু তেজপুৰ নেপালীপট্টী বাৰিকাৰ নেকিবুৰ জামানক একোখনকৈ বিনামূলীয়া ই-ৰিক্সা বিতৰণ কৰা হয় ৷ প্ৰায় ২০ লাখ টকা ব্যয় সাপেক্ষে মুঠ ১৭ খন ই-ৰিক্সা বিতৰণ কৰে আজমল ফাউণ্ডেছনে ৷ আজি ই-ৰিক্সা বিতৰণ অনুষ্ঠানত ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনৰ সঞ্চালক ড° খছৰুল ইছলাম, মহা প্ৰৱন্ধক ডঃ এম আৰ এইচ আজাদ উপস্থিত আছিল ৷ উল্লেখ্য যে, আজমল ফাউণ্ডেচনে জন্মলগ্নৰে পৰা স্বাস্থ্য, শিক্ষা, দক্ষতা বিকাশৰ লগতে দৰিদ্ৰ লোকসকলক বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়াই আহিছে ৷ অসমৰ চুকে-কোনে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত আজমল ফাউণ্ডেচনে এক জাগৰণৰ সৃষ্টি কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷

Leave A Reply