বিৰোধীক নিদ্ৰাহৰণ কৰি নিৰ্বাচনী প্ৰচাৰত অ,জা,পৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱ

তিনিচুকীয়া জিলাৰ অন্তৰ্গত ১২৪ নং মাৰ্ঘেৰিটা সমষ্টিত বিৰোধীক শংকিত কৰি  প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে অ,জা,পৰ প্ৰাৰ্থী সঞ্জয় দেৱে৷ একপ্ৰকাৰে দিন ৰাতি একাকাৰ কৰি দৈনিক শতাধিক সমৰ্থকক লৈ প্ৰচাৰ অভিযান অ,জা,পৰ প্ৰাৰ্থী গৰাকীৰ৷ অ,জা,পৰ কেন্দ্ৰীয় সম্পাদক তথা মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰাৰ্থী সঞ্জয় কুমাৰ দেৱৰ এনে প্ৰচাৰ অভিযান দেখি একপ্ৰকাৰৰ নিদ্ৰাহৰণ কৰিছে বিজেপিৰ আৰু কংগ্ৰেছ দলৰ  প্ৰাৰ্থীৰ৷ কেইবাটাও  গোটত বিভক্ত হৈ প্ৰাৰ্থীৰ গৰাকীৰ বাবে প্ৰচাৰ চলাইছে দলীয় কৰ্মকৰ্তাই৷ প্ৰাক্তন বিজেপিৰ নেতা তথা দক্ষ্য ৰাজনীতিবিদ জনৰ ৰণনীতিত বিপক্ষ থানবান হৈ পৰিছে৷ মধুৰভাষী তথা আৰ্কষনীয় ভাষ্য প্ৰদান কৰিব পৰা দক্ষ ৰাজনীতিবিদজনৰ প্ৰভাৱশালী প্ৰচাৰত বিপক্ষ এক প্ৰকাৰ ধৰাসৰি হৈ পৰিছে৷ দৈনিক ২০ ৰ পৰা ২৫ খন নিৰ্বাচনী সভা অনুষ্টিত কৰি  গৈছে ৷ প্ৰতিখন নিৰ্বাচনী সভাত ৰাইজৰ স্বৰ্তস্ফুৰ্ত অংশ গ্ৰহণ আৰু ৰাইজৰ ব্যাপক সহাৰি দেখিবলৈ পোৱা গৈছে৷ যাৰ বাবে সমগ্ৰ সমষ্টিটোতে বলিছে নিৰ্বাচনী গৰম বতাহ আৰু এই বতাহত চৌদিশে ভাঁহি উঠিছে কেৱল নীলা পতাকা আৰু  সঞ্জয় কুমাৰ দেৱৰ জয় যাত্ৰা৷যাৰ বাবে দল ত্যাগ কৰি দৈনিক বিভিন্ন দল সংগঠনৰ পৰা অ,জা,প লৈ আগমন ঘটিছে শ শ  কৰ্মী৷ মুঠৰ ওপৰত প্ৰাৰ্থীজনে নিদ্ৰা হৰণ কৰিছে বিপক্ষক৷

Related Articles