অন্ধকাৰ আকাশত জাগি উঠিছে এক নতুন যোদ্ধা।(Akashteer) ই যুঁজাৰু বিমানৰ দৰে গৰ্জন কৰা নাই বা মিছাইলৰ দৰে জিলিকিও উঠা নাই । ই শুনে, হিচাপ কৰি লয় আৰু আঘাত কৰে। এই অদৃশ্য ঢাল আকাশতীৰ এতিয়া প্ৰতিৰক্ষা জাৰ্নেলতে সীমাবদ্ধ হৈ থকা ধাৰণা নহয়, ই ভাৰতৰ বায়ু প্ৰতিৰক্ষাৰ এক উল্লেখনীয় সমল। ৯ আৰু ১০ মে’ৰ নিশা পাকিস্তানে ভাৰতীয় সামৰিক ঘাটি আৰু অসামৰিক অঞ্চলত মাৰাত্মক আক্ৰমণ চলোৱাৰ সময়ত ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ আক্ৰমণ বন্ধ কৰি দিয়া ই হৈছে এখন অদৃশ্য দেৱাল। আকাশতীৰ হৈছে ভাৰতৰ সম্পূৰ্ণ থলুৱা, স্বয়ংক্ৰিয় বায়ু প্ৰতিৰক্ষা নিয়ন্ত্ৰণ ব্যৱস্থা, যিয়ে দেশৰ ভিতৰলৈ মাৰি পঠিওৱা ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নৰ আক্ৰমণক বাধা দিব আৰু সেইবোৰক নিষ্ক্ৰিয় কৰিব পাৰে।
আকাশতীৰে কেৱল আক্ৰমণ প্ৰতিহত কৰাৰ লক্ষ্যতেই সীমাবদ্ধ হৈ থকা নাই, নাইবা ই কেৱল প্ৰযুক্তিয়েই নহয়, ইয়াৰ মাজত নিহিত আছ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ কথা। পাকিস্তানে ভাৰতৰ বিৰুদ্ধে আমদানিকৃত এইচ কিউ-৯ আৰু এইচ কিউ-১৬ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিছিল, যিবোৰে ভাৰতীয় আক্ৰমণ ধৰা পেলাব আৰু বাধা দিব নোৱাৰিলে। ইয়াৰ বিপৰীতে আকাশতীৰে বাস্তৱ সময় ভিত্তিত স্বয়ংক্ৰিয় বিমান প্ৰতিৰক্ষা যুদ্ধত ভাৰতৰ আধিপত্য প্ৰদৰ্শন কৰিলে।আকাশতীৰে প্ৰমাণ কৰিছে যে পৃথিৱীৰ যিকোনো প্ৰযুক্তিতকৈ ই বেছি দ্ৰুতগতিত অনুধাৱন কৰিব পাৰে , সেইমতে সিদ্ধান্ত লয় আৰু আঘাত হানে।
ই একাধিক উপাদানৰ সংহতিৰ ফলত আঘাতৰ আশংকা হ্ৰাস কৰে , যাৰ ফলত ই আকাশমাৰ্গত বিমানৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে শত্ৰুতাপূৰ্ণ দেশৰ লক্ষ্যক বিঘ্নিত কৰে। আকাশতীৰত থকা সংহত চেন্সৰসমূহৰ ভিতৰত আছে টেকটিকেল কন্ট্ৰোল ৰাডাৰ ৰিপৰ্টাৰ, থ্ৰিডি টেকটিকেল কন্ট্ৰোল ৰাডাৰ, , নিম্ন-স্তৰৰ লঘু ওজনৰ ৰাডাৰ আৰু আকাশ ৱেপন চিষ্টেমৰ ৰাডাৰ।আকাশতীৰ কোনো বাহিনীৰ কথা নহয়, ই বুদ্ধিমত্তাৰে পৰিচালনা কৰা যুদ্ধৰ কথা। এই ব্যৱস্থাই সকল পক্ষক (নিয়ন্ত্ৰণ কক্ষ, ৰাডাৰ আৰু প্ৰতিৰক্ষা সঁজুলি) এটা সাধাৰণ, বাস্তৱ সময়ৰ ছবি প্ৰদান কৰে। যাৰ ফলত সমন্বিত বায়ু প্ৰতিৰক্ষা অভিযান চলোৱাটো সক্ষম হয়। এয়া হৈছে শত্ৰুৰ বিমান, ড্ৰ’ন আৰু মিছাইল চিনাক্তকৰণ, সেইবোৰক অনুসৰণ কৰা আৰু সেইমতে কাম কৰা স্বয়ংক্ৰিয়ভাৱে ডিজাইন কৰা এটা ব্যৱস্থা। ই বিভিন্ন ৰাডাৰ ব্যৱস্থা, চেন্সৰ আৰু যোগাযোগ প্ৰযুক্তিক একক কাৰ্য্যকৰী কাঠামোত একত্ৰিত কৰে। আকাশতীৰে একাধিক উৎসৰ পৰা তথ্য সংগ্ৰহ কৰে, ইয়াক স্বয়ংক্ৰিয়ভাবে প্ৰক্ৰিয়াকৰণ কৰে আৰ বাস্তৱ সময়ৰ ভিত্তিত সিদ্ধান্ গ্ৰহণৰ সুবিধা কৰি দিয়ে। আকাশতীৰ চি৪আইএছআৰ (C4ISR- কমাণ্ড, নিয়ন্ত্ৰণ, যোগাযোগ, কম্পিউটাৰ, চোৰাংচোৱা, চোৱাচিতা আৰু গোপনে ৰখা) কাঠামোৰ অংশ। ই অন্য ব্যৱস্থাৰ সৈতে সমন্বয় বজাই ৰাখি কাম কৰে। এই ব্যৱস্থাটো বাহন-ভিত্তিক, যিয়ে ইয়াক ভ্ৰাম্যমাণ কৰি তুলিছে আৰু সংকটৰ পৰিৱে চম্ভালিবলৈ শক্তিশালী কৰি তুলিছে।
স্থলভিত্তিক ৰাডাৰ আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল পৰম্পৰাগত বায়ু প্ৰতিৰক্ষা মডেলৰ বিপৰীতে আকাশতীৰে যুদ্ধক্ষেত্ৰত নিম্নস্তৰৰ আকাশমাৰ্গৰ নিৰীক্ষণ আৰু স্থলভিত্তিক বায়ু প্ৰতিৰক্ষা অস্ত্ৰ ব্যৱস্থাৰ দক্ষ নিয়ন্ত্ৰণ সক্ষম কৰি তুলিছে। ইয়াৰ দ্বাৰা ভাৰতৰ কৌশলগত নীতিৰ স্পষ্ট পৰিৱৰ্তন ঘটিছে- নিষ্ক্ৰিয় প্ৰতিৰক্ষাৰ পৰা সক্ৰিয় প্ৰতিশোধলৈ ই সকলো কথা ৰূপান্তৰিত কৰিছে। ভাৰতৰ বৃহত্তৰ C4ISR (কমাণ্ড, কণ্ট্ৰল, কমিউনিকেচন, কম্পিউটাৰ, ইনটেলিজেন্স, চাৰ্ভিলেন্স, আৰু ৰিকনেছান্স) পৰিৱেশ তন্ত্ৰৰ সৈতে ইয়াৰ নিৰৱচ্ছিন্ন সংহতিৰ ফলত সেনা, নৌসেনা আৰু বায়ুসেনাক ই অতুলনীয় সহায় আগবঢ়াইছে। ই কেউটা বাহিনীকে সহযোগিতাৰে কাম কৰাৰ পথ মুকলি কৰি দিছে। ভাৰতীয় সেনাৰ বায়ু প্ৰতিৰক্ষা (AAD) ব্যৱস্থাৰ মূল ভেটি হৈছে আকাশতীৰ। ই আইএচিচিএছ (ভাৰতীয় বায়ুসেনা) আৰু ট্ৰিগান (ভাৰতীয় নৌসেনা)ৰ সৈতে সুকলমে সংযোগ স্থাপন কৰি যুদ্ধক্ষেত্ৰৰ স্পষ্ট আৰু বাস্তৱ সময়ৰ ছবি দাঙি ধৰি সেই মতে কাম কৰাৰ সুবিধা দিছে। ইয়াৰ ফলত আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক দুয়োবিধ অস্ত্ৰৰ দ্ৰুত আৰু ফলপ্ৰসূ ব্যৱহাৰ সম্ভৱ হৈ উঠিছে।যিহেতু তিনিওটা বাহিনীয়ে আকাশতীৰৰ জৰিয়তে একেলগে কাম কৰে, সেয়েহে ভুলবশতঃ নিজৰ লক্ষ্যতেই আঘাত কৰাৰ আশংকা বহুখিনি হ্ৰাস পায় । ই পৰিস্থিতিৰ বিষয়ত সচেতনতা বৃদ্ধি কৰে আৰু নিখুঁত, শক্তিশালীভাবে কাৰ্য্য সম্পাদনৰ অনুমতি দিয়ে। যিহেতু আকাশতীৰ বাহনত লগোৱা হয় সেয়ে ই গতিশীল । এনে গুণৰ বাবেই ইয়াক বিপজ্জনক আৰু সক্ৰিয় যুদ্ধক্ষেত্ৰত নিয়োগ কৰা সুবিধা অনেক।আকাশতীৰ অকলশৰীয়া নহয়। ই ভাৰতৰ যুদ্ধৰ ক্ষমতাক পুনৰ গঢ় দিয়া থলুৱা প্ৰতিৰক্ষা মঞ্চৰ ক্ৰমবৰ্ধমান পৰিৱেশ তন্ত্ৰৰ এক বিশেষ অংশ। মেক ইন ইণ্ডিয়াৰ পদক্ষেপে ভাৰতৰ প্ৰতিৰক্ষাৰ বিকাশত সহায় কৰিছে । ধনুছ আৰ্টিলাৰী গান চিষ্টেম, এডভান্সড ট’ড আৰ্টিলাৰী গান চিষ্টেম (এ টি এ জি এছ), মেইন বেটল টেংক (এম বি টি) অৰ্জুন, লাইট স্পেচিয়েলিষ্ট ভেহিকেল, হাই মবিলিটি ভেহিকেল, লাইট কম্বেট এয়াৰক্ৰাফ্ট (এল চি এ) তেজ, এডভান্সড লাইট হেলিকপ্টাৰ (এ এল এইচ), লাইট ইউটিলিটি হেলিকপ্টাৰ (এল ইউ এইচ), অস্ত্ৰৰ স্থান নিৰ্ণয় কৰা ৰাডাৰ, থ্ৰীডি কৌশলগত নিয়ন্ত্ৰণ ৰাডাৰ, আৰু চফ্টৱেৰ ডিফাইণ্ড ৰেডিঅ’ (এছডিআৰ), লগতে নৌসেনাৰ সম্পত্তি যেনে ধ্বংসকাৰী সঁজুলি, থলুৱা বিমানবাহী জাহাজ, চাবমেৰিন, ফ্ৰিগেট, কৰ্ভেট, দ্ৰুত টহলদাৰী জাহাজ, দ্ৰুত আক্ৰমণকাৰী জাহাজ আৰু অফশ্ব’ৰ টহলদাৰী জাহাজে দেশৰ প্ৰতিৰক্ষাৰ দিশটোক অধিক শক্তিশালী কৰি তুলিছে।
ভাৰতে ২০২৯ চনৰ ভিতৰত ৩ লাখ কোটি টকাৰ প্ৰতিৰক্ষা সামগ্ৰী উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে। ফলত বিশ্বৰ প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে ভাৰতৰ স্থান শক্তিশালী হৈছে। ব্যক্তিগত খণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, এই খণ্ডই মুঠ প্ৰতিৰক্ষা উৎপাদনত ২১% অৰিহণা যোগাই উদ্ভাৱন আৰু দক্ষতাক লাভাৱান্বিত কৰিছে। এটা শক্তিশালী প্ৰতিৰক্ষা ঔদ্যোগিক ভিত্তিত ১৬টা ডিপিএছইউ, ৪৩০টাতকৈও অধিক অনুজ্ঞাপত্ৰপ্ৰাপ্ত কোম্পানী আৰু প্ৰায় ১৬,০০০ এমএছএমই অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে থলুৱা উৎপাদন ক্ষমতাক শক্তিশালী কৰিছে। ৬৫% প্ৰতিৰক্ষা সঁজুলি এতিয়া ঘৰুৱাভাৱে নিৰ্মাণ কৰা হয়, যিটো পূৰ্বৰ ৬৫-৭০% আমদানি নিৰ্ভৰশীলতাৰ বিপৰীতে এক উল্লেখযোগ্য পৰিৱৰ্তন। ই প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ কথাই প্ৰতিফলিত কৰে।