Breaking

‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ছেবাৰ কৰ্মকাণ্ডক লৈ নিমাত’- তৃণমূল কংগ্ৰেছ। ‘ছেবাক ক্ৰমাণ্বয়ে এজেঞ্চীৰ হাতত অৰ্পন কৰাৰ ষড়যন্ত্ৰ চলিছে’- বনদ্বীপ দত্ত…

0 123

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অকৰ্ণমন্যতাক লৈ সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছ দলটো। ইতিপূৰ্বে বিজ্ঞানৰ প্ৰশ্নকাত ফাদিল তথা পৰীক্ষা বাতিল কৰি পুনঃ নতুন তাৰিখ, অসমীয়াৰো প্ৰশ্ন কাকত লীক হোৱা আদি কাৰ্যৰ প্ৰতিবাদত দলটোৱে ছেবা কাৰ্যালয়ৰ সম্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা তথা ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগ দাবী কৰাৰ পাছত শুক্ৰবাৰে দিশপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদমেল সম্বোধন কৰি অসম যুৱ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বনদ্বীপ দত্তই ছেবাৰ চৰম গাফিলতিক সমালোচনা কৰাৰ লগতে শাসকীয় বিজেপি দলৰ অন্য এক যুৱ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৌনতাক প্ৰত্যাহ্বান জনায়। বাৰে বাৰে পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱা তথা এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলি থকা এই প্ৰক্ৰিয়াৰ জৰিয়তে অসম মাধ্যমিক শিক্ষা পৰিষদক কোনো ব্যক্তিগত এজেঞ্চীৰ ওচৰত অৰ্পন কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতিজনে অভিযোগ আনিছে।

লগতে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে জড়িত থকা সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কি কাৰণত ছেবাৰ ক্ৰমাগত গাফিলতি বিষয়টোত মাত মতা নাই সেই সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰে। দত্তই লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভাপতি প্ৰফেছাৰ ৰবীন কাকতিক আক্ৰমণৰ লক্ষ্য কৰি প্ৰশ্ন কৰে যে “এখন চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষক হৈ অধ্যাপক ৰবীন কাকতি কেনেকৈ এটা ৰাজনৈতিক ছাত্ৰ সংগঠনৰ সভাপতি হ’বলৈ পালে?এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে চকু দিয়া উচিত।” আনহাতে, এই সংবাদমেলত অসম যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱাকো আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কয় যে বিজেপি দলৰ যুৱ মৰ্চাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ দখল কৰি থকাৰ পাছতো তেওঁ কিয় অসমীয়া শিক্ষাৰ্থী সমাজৰ হৈ মাত মতা নাই। ছেবাই অসমৰ শিক্ষাৰ্থী সমাজৰ শিক্ষা জীৱনৰ সৈতে হেতালি খেলি থকাৰ সময়ত এবিভিপি তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিদ্বয়ক শীঘ্ৰে এই ক্ষেত্ৰত তিনিদিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় অন্যথা অসম তৃণমূল কংগ্ৰেছে জংগী আন্দোলন সমগ্ৰ ৰাজ্যজুৰি চলাই নিব বুলি হুংকাৰ দিয়ে।

Leave A Reply