Akhil Gogoi অখিল গগৈৰ গুৰুতৰ আৰোপঃ মন্ত্রী জয়ন্ত মল্লবৰুৱাই বেদখল কৰিছে ৮৫ বিঘা চৰকাৰী ভূমি

ডিজিটেল ডেস্কঃ Akhil Gogoi ৰাইজৰ দলৰ সভাপতি তথা সদৌ অসমৰ জনপ্ৰিয় বিধায়ক অখিল গগৈয়ে মন্ত্রী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আজি অনুষ্ঠিত এক সংবাদমেলত অখিল গগৈয়ে কয়, মন্ত্রী জয়ন্ত মল্লবৰুৱাই আৰু তেওঁৰ পত্নীয়ে গুৰুতৰভাৱে ভূমি অধিগ্ৰহণ কৰিছে আৰু চৰকাৰী ভূমিও বেদখল কৰিছে।

অখিল গগৈয়ে দাবী কৰে যে—
🔹ৰঙিয়াৰ কুন্তীবাৰীত মন্ত্রী জয়ন্ত মল্লবৰুৱাই ৩৯ বিঘা ৩ কঠা ১৬ লেচা মিয়াদী মাটি ক্ৰয় কৰিছে।
🔹 ইয়াৰ উপৰিও, ২০২৩ চনৰ ২৬ এপ্ৰিল তাৰিখে ৪০ বিঘা মাটি ক্ৰয় কৰাৰ তথ্য প্ৰকাশ কৰিছে।
🔹 এই সকলোৰে উপৰিও, মন্ত্রীজনে ৮৫ বিঘা চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে বুলি অভিযোগ তুলি ধৰে।

অখিল গগৈয়ে সংবাদমেলত স্পষ্টভাৱে কয় যে, জয়ন্ত মল্লবৰুৱাই যিসকল ভূমি অবৈধভাৱে অধিকাৰ কৰিছে, সেইবোৰত অবিলম্বে উচ্ছেদ অভিযান চলাব লাগিব। লগতে তেওঁ দাবী কৰে যে, লখিমপুৰ জিলাৰ উচ্ছেদিত ৰাইজক পূৰ্ণৰূপে পুনঃসংস্থাপন দিয়াটো চৰকাৰৰ দায়িত্ব।

উল্লেখযোগ্য যে, এই অভিযোগ সমূহ সম্পৰ্কে এতিয়ালৈকে জয়ন্ত মল্লবৰুৱাৰ পৰা কোনো প্ৰতিক্ৰিয়া অহা নাই।

Related Articles