ডিজিটেল ডেস্কঃ Akhil Gogoi ধুবুৰী জিলাৰ চাপৰত চলি থকা বৃহৎ উচ্ছেদ অভিযানৰ মাজতেই উত্তপ্ত হৈ পৰিল পৰিস্থিতি। উচ্ছেদিত ৰাইজৰ অৱস্থা বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত হোৱা শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আজি আৰক্ষীয়ে আটক কৰি চাপৰ থানালৈ লৈ যায়।
ধুবুৰী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে নিজে উপস্থিত থাকি বিধায়ক গগৈক আটক কৰে।

উল্লেখযোগ্য যে, আজি ধুবুৰী জিলাৰ বিলাসীপাৰা অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলাইছিল জিলা প্ৰশাসনে। চিৰাকুটা, চৰুৱাবাখৰা আৰু সন্তোষপুৰ অঞ্চলত তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে ৩,৫০০ বিঘা ভূমি অবৈধ দখলমুক্ত কৰিবলৈ অভিযান চলোৱা হয়।
উচ্ছেদৰ সময়তে চৰুৱাবাখৰা অঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। বহু বছৰ ধৰি ভূমি দখল কৰি অহা কিছু লোকে প্ৰশাসনৰ এক্সকেভেটৰ আৰু আৰক্ষী বাহিনীৰ ওপৰত শিল আৰু লাঠীৰে আক্ৰমণ চলায়। পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ আৰক্ষীয়ে লাঠীচালনাও কৰে।
উচ্ছেদৰ বিৰোধিতা কৰি শতাধিক স্থানীয় ৰাইজ ৰাস্তালৈ ওলাই আহে। এনে পৰিস্থিতিতেই ঘটনাস্থলীত উপস্থিত হোৱা বিধায়ক অখিল গগৈক আটক কৰে আৰক্ষীয়ে।