ডিজিটেল ডেস্কঃ Akhil Gogoi বিলাসীপাৰাৰ চাপৰত আজি অনুষ্ঠিত হোৱা ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ সময়ত আটক কৰা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈক আৰক্ষীয়ে কিছু সময়ৰ পাছতেই মুকলি কৰিছে।
জানিব পৰা মতে, ধুবুৰী আৰক্ষীয়ে অখিল গগৈক আটক কৰি ধুবুৰী পাৰ হৈ গোৱালপাৰা জিলাত আহি এৰি দিয়ে। মুকলি হোৱাৰ পাছত বিধায়কগৰাকীয়ে কৃষ্ণাইত অনুষ্ঠিত এখন জনসভালৈ ৰাওনা হয়।

সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বার্তাত অখিল গগৈয়ে দাবী কৰে, “এই উচ্ছেদ অভিযান সম্পূৰ্ণৰূপে বেআইনী আৰু অসাংবিধানিক। গুৱাহাটী উচ্চ ন্যায়ালয়ে উচ্ছেদ নকৰিবলৈ ইতিমধ্যে তিনিটা ষ্টে’ অর্ডাৰ দিছিল, তথাপিও চৰকাৰে আদালতৰ আদেশ উপেক্ষা কৰি উচ্ছেদ অভিযান চলাইছে। এই অভিযান সংখ্যালঘু জনজাতিৰ ওপৰত কৰা দাদাগিৰি আৰু শত্ৰুতাৰ পৰিচায়ক।”
অখিল গগৈয়ে লগতে কয়, “মই মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছো আৰু স্পষ্টকৈ কৈছো, আপুনি এই অঞ্চলৰ ৰাইজৰ বাবে কমেও ৫০০ বিঘা মাটি ব্যৱস্থা কৰিব লাগিব।”
উল্লেখযোগ্য যে, আজিৰ দিনটোত চাপৰৰ সন্তোষপুৰ, চিৰাকুটা আৰু চৰুৱাবাখৰা অঞ্চলত চলিছে ৩,৫০০ বিঘা ভূমি আঁতৰোৱাৰ এক বৃহৎ উচ্ছেদ অভিযান। এই উচ্ছেদৰ লক্ষ্য হ’ল বিলাসীপাৰাত স্থাপন হ’ব লগা তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি মুক্ত কৰা।
অন্যহাতে, অখিল গগৈয়ে অভিযোগ কৰে যে, তেওঁক মুকলি কৰিলে যদিও তেওঁৰ সৈতে থকা ১১ গৰাকী সহকৰ্মীক ধুবুৰী আৰক্ষীয়ে এতিয়াও আটক কৰি ৰাখিছে।