Breaking

শিৱসাগৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে ধন-সুৰা বিলোৱাৰ অভিযোগ অখিল গগৈৰ

0 32

১০ মে’ ২০২২ ৰ ভিতৰত চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি ১ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ দাবীত ৰাইজৰ দলৰ ধৰ্ণা কাৰ্যসূচী। আজিৰ ধৰ্ণাস্হলীৰ পৰা বহুতো মন্তব্য কৰে অখিল গগৈয়ে । শিৱসাগৰ পৌৰ নিৰ্বাচনত বিজেপিয়ে ধন-সুৰা বিলোৱাৰ অভিযোগ । শিৱসাগৰ পৌৰসভা নিৰ্বাচনত বিফল হোৱাক মন্তব্য অখিল গগৈৰ।


“আমি হাৰিছো, সেইয়া স্বীকাৰ কৰিছো!
কিন্তু আমি হাৰিছো টকা, মদ, মাংসৰ বিজেপিৰ লেতেৰা ৰাজনীতিৰ বাবে।
বিজেপিয়ে টকাৰ জোৰত পৌৰসভাত জয়ী হৈছে, শিৱসাগৰত টকা, মদ বিলাই ভোট লোৱা নিজেই দেখিছো”

মাজুলীৰ উপ নিৰ্বাচন সম্পৰ্কে বিধায়ক অখিল গগৈৰ মন্তব্য, “পৰাজয় হলেও আমি বিৰোধী শক্তি একেলগ হৈ যুঁজ দিছো”

চৰকাৰত থকা এটা দলক ৮ মাহতে উপ – নির্বাচনত হেৰুৱাটো সহজ নহয় তথাপিও চিত্র বসুমতাৰীয়ে যথেষ্ট ভোট পাইছে। তাৰ বাবে মাজুলীৰ ৰাইজক ধন্যবাদ জনাইছে অখিলে। ইফালে পাঞ্জাৱত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা AAP লৈ শুভেচ্ছা জনালে অখিল গগৈয়ে ।

Leave A Reply