Breaking

মাৰ্ঘেৰিটাত লুৰীণজ্যোতি গগৈৰ হৈ অখিল গগৈ নিৰ্বাচনী প্ৰচাৰ…

0 22

ডিব্ৰুগড় লোকসভা সমষ্টিৰ অসম জাতীয় পৰিষদ তথা মিত্ৰশক্তিৰ মনোনীত প্ৰাৰ্থী লুৰীণজ্যোতি গগৈ হৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিৰ্বাচনী প্ৰচাৰ চলাই। অখিল গগৈয়ে লেখাপানী হাচক গাঁৱৰ লগতে ইনথেমত দুখনকৈ নিৰ্বাচনীৰ প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি বিজেপিৰ দল আৰু চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

তেওঁ বিজেপিৰ আৰু মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী সৰ্বানন্দ সোনোৱালক আক্ৰমণৰ লক্ষ্য কৰি লয়। গগৈয়ে কয় যে সোনোৱাল সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হৈয়ে একোডাল কৰিব নোৱাৰিলে বুলি কটাক্ষ কৰে। অখিল গগৈয়ে” কা ” এক কলা আইন বুলি কোৱা লগতে ই অসমীয়া জাতি মাটি ভেটি বিপদাপন্ন কৰিব বুলি কয়। লুৰীণজ্যোতি গগৈক জাহাজৰ চিহ্নত ভোট দি ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা জয়যুক্ত কৰিব বাবে তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়। অখিল গগৈৰ সৈতে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, সম্পাদক সঞ্জয় দেৱে আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি যুটীয়া সম্পাদক ৰাহুল ছেত্ৰীসহ বহ সংখ্যক নেতা কৰ্মী।

Leave A Reply