২০২৬ত ৰাইজৰ দল ক্ষমতালৈ আহিলে অসমৰ মুখ্যমন্ত্ৰী হ’ব অখিল গগৈ

২০২০চনত যি ৯গৰাকী মুখ্যআহ্বায়কলৈ ৰাইজৰ দলটো গঠিত আছিল তাৰ অন্যতম নেতা আছিল গিৰিশংকৰ গোস্বামী৷পৰবৰ্তী সময়ত ৰাইজৰ দলৰ মৰাণ অধিবেশনত তেওঁক দিয়া হৈছিল কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব৷বাকপটু অধ্যয়নশীল জাতীয়তাবাদী শিৱিৰৰ আপোচবিহীন নেতা ৰূপে পৰিচিত গিৰিশংকৰ গোস্বামীয়ে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বাওঁপন্থী চিন্তাধাৰাৰ বিপৰীতে জাতীয়তাবাদী দৃষ্টিভংগীৰে দলটো আগবঢ়াই নিয়াৰ পক্ষপাতী ৷ অখিল গগৈ জেলৰ পৰা ওলাই অহাৰ পাছত ৰাইজৰ দলৰ ভিতৰচৰাত অখিল গগৈৰ বিৰুদ্ধে একাংশই স্বেচ্ছাচাৰীতা আৰু বিজেপি দলৰে গগৈয়ে আপোচ কৰাৰ অভিযোগ কৰি আঁতৰি যোৱাৰ সময়ত এই পৰ্যন্ত কিন্তু গিৰিশংকৰ গোস্বামীয়ে ৰাইজৰ দলত অখিল গগৈৰ সহযোদ্ধা ৰূপেই আছে৷উপনিৰ্বাচনত ৰাইজৰ দলৰ সম্ভাৱনা অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলৰ ভৱিষ্যত আদি বিষয়ত প্ৰথমবাৰৰ বাবে মনৰ কথা মুকলিকৈ কৈছে গিৰিশংকৰ গোস্বামীয়ে ৷

Related Articles