Breaking

আম আদমী পাৰ্টিত যোগদান কৰিব নেকি অখিল গগৈয়ে ?সামাজিক মাধ্যমত ব্যাপক চৰ্চা

0 81

অখিল গগৈৰ আম আদমি পাৰ্টিত যোগদানৰ সম্ভাবনা । সামাজিক মাধ্যমত ব্যাপক চৰ্চা। একেমুখে অস্বীকাৰ অখিল গগৈৰ। মই অথবা মোৰ দলে এই সন্দৰ্ভত কোনো চিন্তা কৰা নাই ।

ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ‘আম আদমী পাৰ্টি’ত যোগদান কৰি বুলি প্ৰচাৰ হোৱা বাতৰি সম্পূৰ্ণ মিছা।ইতিমধ্যে সামাজিক মাধ্যমত এই বাতৰি বিয়পি পৰাৰ লগতে বহু ৰাজনৈতিক নেতাই এনে যোগদানৰ সন্দৰ্ভত সামাজিক মাধ্যমত মতামত প্ৰদান কৰিছিল।

কিন্তু আজি শিৱসাগৰত সংবাদ মহলৰ আগত এনে প্ৰচাৰ ভিত্তিহীন বুলি ঘোষণা কৰে অখিল গগৈয়ে।বিধায়ক গৰাকীয়ে কয় যে আম আদমী পাৰ্টিৰ নেতৃত্বৰ সৈতে এক ভাল ব্যক্তিগত সম্পৰ্ক আছে যদিও এই সম্পৰ্ক কেতিয়াও ৰাজনৈতিক হোৱা নাই।

যদিও আম আদমি পাৰ্টিৰ জন্মলগ্নৰ পৰা মই তেওঁলোকৰ লগত আছিলো যদিও কেতিয়াও ৰাজনৈতিক ভাৱে তেওঁলোকৰ লগত একত্ৰিত হোৱাৰ চিন্তা কৰা নাই। ৰাইজৰ দল এক আঞ্চলিক-জাতীয়তাবাদী শক্তি আৰু আমাৰ লক্ষ্য বিজেপিক উৎখাত কৰা। এনে স্বাৰ্থত দৰকাৰ হ’লে সকলোৰে সহায় লম কিন্তু ৰাইজৰ দল এৰি কোনো দলত যোগদান কৰাৰ চিন্তা নাই কৰা।

আনহাতে ৰাজ্যৰ পিপিই কিট কেলেংকাৰীক লৈ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিধায়ক গগৈ।তেওঁ এই কেলেংকাৰীৰ এক উচ্চস্তৰীয় তদন্তৰ দাবী কৰি কয় যে কভিডৰ নামত হোৱা সকলো বিত্তীয় অনিয়মৰ তদন্ত হোৱ উচিৎ ।

Leave A Reply