মুখত এমোকোৰা হাঁহি লৈ পুনৰ কাৰাৰুদ্ধ জীৱনলৈ অখিল গগৈ

এগৰাকী বিধায়ক হৈয়ো যাব নোৱাৰিলে নিজৰ সমষ্টিলৈ। কেৱল পত্নী-পুত্ৰ-মাতৃৰ সৈতে সময় কটাবলৈ ন্যায়ালয়ৰ অনুমতি লৈহে অতিবাহিত কৰিলে দুটা দিন। গণি গণি ৪৮ ঘণ্টা।

কিন্তু সেই সময়তো লগত আছিল সুৰক্ষা কৰ্মীৰ লগতে আগে পিছে শ শ লোক। ৪৮ ঘণ্টীয়া সুখৰ পলৰ অন্ত, এমোকোৰা হাঁহিৰে পুনৰ কাৰাৰুদ্ধ জীৱনলৈ উভতিল কৃষক নেতা, ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰৰ বিধায়ক তথা প্ৰয়াত বলোৰাম গগৈ আৰু প্ৰিয়দা গগৈৰ সন্তান ৪৫ বৰ্ষীয় নেতা অখিল গগৈ।

এয়াই জীৱন এতিয়া। ২০১৯ ৰ ১২ ডিচেম্বৰৰ পৰা বিগত ১৮ টা মাহে পৰিয়ালৰ পৰা আতৰত কাৰাৰুদ্ধ জীৱনত থকা অখিল গগৈয়ে ন্যায়লত আবেদন কৰিছিল পৰিয়াল সৈতে সাক্ষাতৰ এক আবেদন। সেই আবেদনৰ ভিত্তিতেই নিয়া আদালতে বিধায়ক গৰাকীক দিছিল কেৱল মাত্ৰ ৪৮ ঘণ্টা তথা দুটা দিন।দুটা দিনত কৰে কি, গুৱাহাটীৰ চানমাৰিস্থিত নিজৰাপাৰত আছে পত্নী গীতাশ্ৰী তামুলী আৰু একমাত্ৰ পুত্ৰ নাচিকেতা, আনহাতে যোৰহাটৰ মৰিয়নিত আছে মাতৃ প্ৰিয়দা গগৈ। সেয়ে ২৫ জুনৰ নিশাই পুত্ৰৰ ওচৰলৈ ঢাপলি মেলি নিশাটো তাতেই কটাই ২৬ জুনৰ পুৱা মাতৃৰ ওচৰলৈ যায় অখিল গগৈ।

পিছে বাটতে থকা নিজে প্ৰতিস্থা কৰা কাজিৰঙাৰ অৰ্কিড উদ্যান খনতো সোমাবলৈ অনুমতি নিদিলে লগত থকা এছক’ৰ্ট তথা সুৰক্ষা কৰ্মীয়ে। সেয়ে পোনে পোনে উপস্থিত হয়গৈ মাতৃৰ কাষত।

মাতৃ আৰু পৰিয়ালৰ অন্যৰ লগতে প্ৰিয় মানুহবোৰৰ সৈতে এটা দিন কটাই আজি ২৭ জুন তাৰিখে পুনৰ ৰাওনা হয় নিজৰ কাৰৰুদ্ধ জীৱনলৈ বুলি। নিশা ৯ বাজি ৩০ মিনিট মানত উপস্থিত হয়হি গুৱাহাটী। সকলো এৰি থৈ ক্ষণিকৰ কিছু সুখ লৈ উভতি আহে তেখেত। কাৰণ এয়েতো জীৱন।

Related Articles