Akil Gogi and Rakibul Hussain । চাপৰ উপবিভাগত চলি থকা বৃহৎ উচ্ছেদ অভিযানত ৩৫০০ বিঘা মাটি উচ্ছেদ কৰি প্ৰায় ২০০০ পৰিয়ালক উচ্ছেদ কৰাৰ ঘটনা এতিয়া ৰাজ্যজুৰি চর্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বহু সংখ্যালঘু পৰিয়াল মাটি হেৰুৱাই মুকলি আকাশৰ তলত ৰাতি কটাইছে।

এই গভীৰ সংকটৰ সময়ত শিৱসাগৰৰ বিধায়ক অখিল গগৈ উচ্ছেদিত জনতাৰ কাষলৈ আগবাঢ়ি আহে। উচ্ছেদিত অঞ্চল পৰিদৰ্শন কৰিব গৈ অখিল গগৈক আটক হৈছিল অখিল গগৈ ।
সাংসদ ৰকীবুল হুছেইনক লৈ উচ্ছেদিত জনতাৰ মাজত চৰ্চা হৈছে , ক’ত নিৰুদ্দেশ হ’ল সাংসদ ৰকিবুল হুছেইন । বহুতে কৈছে,“নিবাচনৰ সময়ত মাত দিবলৈ আহে সাংসদ ৰকিবুল হুছেইন , এতিয়া বিপদৰ সময়ত নিৰুদ্দেশ হৈ আছে ! “

উচ্ছেদৰ এই দুঃসময়ত অখিল গগৈয়ে সংখ্যালঘু জনগোষ্ঠীৰ মাজত সাহস আৰু সহানুভূতিৰে আগবাঢ়ি অহা সন্দৰ্ভত বিৰাট চৰ্চা চলিছে। একাংশে এই ঘটনাক “মানৱিক দৃষ্টিভংগীৰ সঁচা উদাহৰণ” বুলি অভিহিত কৰিছে।
ইপিনে, আৰক্ষী-প্ৰশাসনে দাবী কৰিছে যে উচ্ছেদিত অঞ্চল চৰকাৰী মাটি, আৰু বহু বছৰৰপৰা অবৈধ দখলত আছিল।

তথাপিও, উচ্ছেদিত জনগণৰ প্ৰশ্ন স্পষ্ট — সংকটৰ সময়ত জনতাৰ প্ৰতি প্ৰতিনিধিৰ দায়িত্ব ক’ত?