অখিল গগৈৰ মন্তব্যঃ ‘‘গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিক পৰাভূত কৰিব পাৰি’’ । Akil Gogoi

২৭ মে’ — Akil Googi । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (APCC) সভাপতি ৰূপে গৌৰৱ গগৈ নিযুক্ত হোৱাৰ পাছত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এক গুৰুত্বপূর্ণ সংবাদমেলত গৌৰৱ গগৈলৈ শুভেচ্ছা জনাই কয় যে, ‘‘গৌৰৱ গগৈক আমি শুভেচ্ছা জনাইছো ৷ এতিয়া গৌৰৱ গগৈৰ প্ৰত্যক্ষ নেতৃত্বত আগন্তুক বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্য একত্ৰিত হৈ বিজেপি দলক পৰাভূত কৰিব পাৰিম ৷’’ Akil Gogoi

তেওঁয়ে আৰু কয়, ‘‘যিহেতু নতুন নিযুক্তি হৈছে, সেয়ে সকলো কথা গৌৰৱ গগৈৰ স্থিতিৰ ওপৰতে নিৰ্ভৰ কৰিব ৷ যদি গৌৰৱ গগৈয়ে এটা ভাল স্থিতি (positive stand) লয় বা অসম প্ৰদেশ কংগ্ৰেছ আৰু AICCয়ে স্থিতি গ্ৰহণ কৰে, সেয়া সম্পূৰ্ণ তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰিব ৷ গৌৰৱ গগৈৰ স্থিতিৰ ওপৰতে মিত্ৰতাৰ কথাটো নিৰ্ভৰ কৰিব ৷ যদি তেওঁলোকে ভাল স্থিতি লয়, তেন্তে আমি ঐক্যবদ্ধভাৱে আগন্তুক নিৰ্বাচনত জিকিব পাৰিম ৷’’

অন্য এক গুৰুত্বপূর্ণ মন্তব্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত কৰা মন্তব্যক প্ৰত্যাহ্বান জনাই বিধায়ক গগৈয়ে কয়, ‘‘এইবোৰ কথা স্পষ্ট হ’ব লাগে ৷ যদি কিবা প্ৰমাণ আছে তেন্তে দিব লাগে ৷ ভাৰত চৰকাৰৰ বহু বিভাগ, এজেঞ্চী, পুলিচ আছে ৷ যদি গৌৰৱ গগৈৰ বিৰুদ্ধে কিবা অভিযোগ সঁচা থাকে, তেন্তে সেইবোৰ তথ্য সহকাৰে আনি বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ এনেই পাকিস্তান পাকিস্তান… বাংলাদেশ বাংলাদেশ চিঞৰি থাকি লাভ নাই ৷’’

বাংলাদেশীৰ বিতাড়ন সন্দৰ্ভতো অখিল গগৈয়ে মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কয়, ‘‘হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতহে সকলোতকৈ কম বাংলাদেশী বিতাড়ন কৰা হৈছে ৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়তো এতিয়াতকৈ অধিক বাংলাদেশী বিতাড়ন হৈছিল ৷ আচলতে বিজেপি চৰকাৰে বাংলাদেশী ইছ্যুটো শেষ কৰিব বিচৰা নাই ৷ এন আৰ চিৰ দ্বাৰা চৰকাৰে ইচ্ছা কৰিলে বিদেশী বিষয়টো শেষ কৰিব পাৰে, কিন্তু দেশী-বিদেশীৰ এটা সৰু ফাঁক চৰকাৰে ৰাখি থৈছে ৷’’ তেওঁ ১৯৭৫ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো বিদেশীক বিতাড়ন কৰিব লাগিব বুলি মত প্ৰকাশ কৰে ৷

পৰিশেষত, প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত মন্তব্য কৰি বিধায়ক গগৈয়ে কয়, ‘‘তেওঁ আমাৰ অসমীয়া ভাই ৷ তেওঁৰ গ্ৰেপ্তাৰত আৰক্ষীয়ে কৰা আচৰণ সমৰ্থনযোগ্য নহয় ৷ কিন্তু তেওঁ আনৰ কাজিয়াত সোমোৱাৰ দৰকাৰ নাছিল ৷’’

Related Articles