অসমত আনন্দোল্লাসেৰে মিছিং জনগোষ্ঠীৰ আলি আয়ে লিগাং উৎসৱ উদযাপন । Ali Aye Ligang festival

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ Ali Aye Ligang festival । ফাগুনৰ প্ৰথমটো বুধবাৰে পৰম্পৰাগত ৰীতি-নীতি অনুসৰি অসমৰ মিছিং জনগোষ্ঠীয়ে কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাং উদযাপন কৰি আহিছে। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্ততো উৎসৱটি জাঁকজমকভাবে পালন কৰা হৈছে।

ধেমাজিৰ কাইটং কয়েম চাপৰি গাঁৱৰ বাসিন্দাসকলে কঢ়া নৈৰ পাৰতে একত্ৰিত হৈ লিগাং উৎসৱ উদযাপন কৰে। পুৱা মাংগলিক ৰীতি-নীতি অনুসৰি পূজা-পাঠৰ পাছত গুটি সিঁচাৰ পৰ্ব সম্পন্ন হয়। তাৰ পিছতে মুৰংঘৰত উপস্থিত সকলোৱে ঐতিহ্যবাহী খাদ্য-পানীয় পৰিবেশন কৰে, য’ত পোৰাং আপিন, ছাঁইমদ, গাহৰিৰ মাংস আৰু খৰিকাত দিয়া মাছ বিশেষভাৱে প্ৰস্তুত কৰা হয়।

উৎসৱৰ অন্যতম আকৰ্ষণ গুমৰাগ নৃত্য। গাঁৱৰ যুৱক-যুৱতী সকলে ঐতিহ্যবাহী নৃত্য পৰিবেশন কৰি উৎসৱটি আরো বৰ্ণিল কৰি তোলে। আলি আয়ে লিগাং উৎসৱৰ আনন্দত মিছিং জনগোষ্ঠীৰ সকলো লোক উলাহত মগ্ন হৈ পৰে।

Related Articles