সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ নগাঁও জিলা সমিতিয়ে বৃহস্পতিবাৰে সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ কেন্দ্রীয় কমিটিৰ নির্দেশক্রমে সন্থাই ২০২৩ বৰ্ষৰ ২১ আৰু ২২ ডিচেম্বৰত দুদিনীয়াকৈ ৰূপায়ণ কৰা ধর্ণা কাৰ্যসূচী আৰু ২৯ ডিচেম্বৰত সর্বাত্মক অসহযোগ কাৰ্যসূচী পালন কৰাৰ পাছতো অসম চৰকাৰে সন্থাৰ দাবীসমূহৰ প্রতি কোনো ধৰণৰ সঁহাৰি নজনোৱাৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা আয়ুক্তৰ অধীনৰ কর্মচাৰীসকলে সর্বাত্মক অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰে।
নগাঁও জিলা আযুক্তৰ কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত উক্ত কাৰ্যসূচীত প্রায় দুই শতাধিক কর্মচাৰীয়ে অংশগ্রহণ কৰে। কৰ্মচাৰীসকলৰ দীর্ঘদিনীয়া দাবী সমূহ মূলত: চৈধ্য দফীয়া।
দাবী সমূহৰ অন্যতম বর্তমানে জিলা প্ৰশাসন কর্মচাৰীসকলক সুকীয়া গ্রেড-প্ৰে (Grad Pay) প্রদান কৰা, আয়ুক্ত কার্যালয় সমূহত অধীক্ষক আৰু গাণনিকৰ পদ সৃষ্টি কৰা, মুখ্য সহায়কৰ পদ বৃদ্ধি কৰা, জিলা – প্রশাসন কর্মচাৰীসকলক প্ৰদান কৰা ৩ শতাংশ অতিৰিক্ত দৰমহা জাৰিকাৰক সকলক অতি শীয়ে আদায়ৰ ব্যৱস্থা কৰা আৰু ২০০৫ চনৰ পাছত যিসকল কর্মচাৰীয়ে নিযুক্তি লাভ কৰিছিল তেওঁলোকক এন-পি-এছ (NPS) বাতিল কৰি অ’-পি-এছ (OPS) প্রদান কৰা আদি সমাধানৰ বাবে গণতান্ত্রিকভাবে এই কার্যসূচী পালন কৰিবলৈ বাধ্য হয় বুলি সদৌ অসম জিলা প্রশাসন কর্মচাৰী সন্থাৰ নগাওঁ জিলা সমিতিৰ সভাপতি পুষ্পেন্দ্র দাস, সম্পাদক বিপুল চন্দ্র বৰাৰ লগতে কেন্দ্রীয় সমিতিৰ উপ-সভাপতি জয়ন্ত কুমাৰ শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

ইয়াৰ সমান্তৰালভাবে কাইলৈ ৯ ফ্রেব্রুৱাৰীত এই সর্বাত্মক অসহযোগ কার্যসূচী পালন কৰা হ’ব বুলি জানিবলৈ দিয়ে। যদি ইয়াৰ পাছতো চৰকাৰে সন্থাৰ দাবী সমূহ অতি সোনকালে পূৰণ নকৰে তেন্তে অনাগত দিনত ব্যাপক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সন্থাৰ প্ৰচাৰ সম্পাদকদ্বয় সীমান্ত হাজৰিকা আৰু ৰাজেশ সোমে জানিবলৈ দিয়ে।
-জয়ন্ত বৰা, বঢ়মপুৰ

