Breaking

সদৌ অসম আন্ত: জিলা বস্কিং চেম্পিয়ন শ্বীপ বিজয়ীক বিপুল সম্বৰ্ধনা বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ

0 2,037

অসমৰ ডিফু আৰু বৰপেটাত অনুষ্ঠিত ২০২১-২২বৰ্ষৰ সদৌ অসম আন্ত:জিলা বস্কিং চেম্পিয়নশ্বিপত ওদালগুৰি জিলাৰ ধনেশ্বৰ বসুমতাৰী বস্কিং ট্ৰেইনিং চেন্টাৰৰ পৰা ৪ গৰাকীয়ে সোণ আৰু ৮গৰাকীয়ে ৰূপৰ পদক বুটলিবলৈ সক্ষম হৈছে ৷সেই  খেলুৱৈ সকলক   ১৯জানুৱাৰীত ওদালগুৰিৰ পুৰণি থানাত অৱস্থিত ডি বি বস্কিং ট্ৰেইনিং চেন্টাৰ প্ৰাঙ্গনত বিটিআৰৰ উপ- মুখ্য কাৰ্যবাহী তথা স্হানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে সোণৰ পদক লাভ কৰা চাৰি গৰাকীক ৮০০০ হাজাৰকৈ আৰু ৰূপৰ পদক লাভ কৰা ৮ গৰাকী খেলুৱৈক ৫০০০ হাজাৰকৈ প্ৰদান কৰাৰ লগতে আৰনাইৰে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।ডি বি বস্কিং ট্ৰেইনিং চেন্টাৰৰ সভাপতি ধনেশ্বৰ বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সম্বৰ্দ্ধনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক বসুমতাৰীয়ে কয়-বৰ্তমান সময়ত খেলা-ধূলা এক জীৱনৰ পৰম সম্পদ। শিক্ষা দীক্ষাত পিছপৰি থাকিলেও খেলৰ যোগেদি দেশৰ সুনাম কঢ়িয়াব পাৰি।লগতে নিজৰ জীৱন গঢ়ি তুলিব পাৰি।সেয়ে আজি খেলুৱৈ সকলক উৎসাহিত কৰি তোলাৰ বাবেই এনেধৰণৰ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।তেওঁ খেলুৱৈ সকলক ইয়াতকৈও অধিক ভাল ফলাফলৰ জৰিয়তে জিলাখনৰ লগতে ৰাজ্যখনৰ সুনাম কঢ়িয়াই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনায়।ডি বি বস্কিং ট্ৰেইনিং চেণ্টাৰৰ প্ৰশিক্ষক মধুস্মিতা বসুমতাৰীয়ে আতঁধৰা সম্বৰ্দ্ধনা সভাত ওদালগুৰি কলেজৰ অধ্যক্ষ ড° লু’ক দৈমাৰী, ওদালগুৰি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰেৱতী ৰমণ চাপকোটাই  সোণ-ৰূপৰ পদক লাভ কৰি ওদালগুৰি জিলা খনলৈ সুনাম কঢ়িয়াই অনাৰ বাবে  খেলুৱৈ সকলক শুভেচ্ছা মূলক বক্তব্যৰে উৎসাহিত কৰি তোলে।সভাত ওদালগুৰি জিলা ক্ৰীড়া বিষয়া অনিল দৈমাৰী, ওদালগুৰি প্ৰেছ ক্লাবৰ সভাপতি গৌতম জ্যোতি তালুকদাৰ,ভিচিডিচিৰ চেয়াৰমেন অঞ্জলি ৰাভা,ইউপিপিএলৰ প্ৰামমিকৰ সভাপতি ৰাজীৱ পৌড়েলকে ধৰি ভালেমান অতিথি উপস্হিত আছিল।জুনিয়ৰ শাখাত সোণৰ পদক লাভ কৰা খেলুৱৈ সকল হ’ল ক্ৰমে- একমা বসুমতাৰী(৫২কেজি),সুস্মিতা বসুমতাৰী (৫৪কেজি),চাব-জুনিয়ৰত লাভলি দৈমাৰী(৩৫কেজি),হাংগালি বসুমতাৰী (৫২কেজি)। জুনিয়ৰ শাখাত চিলভাৰ পদক লাভ কৰা সকল হ’ল ক্ৰমে- চাজিয়া ব্ৰহ্ম(৪৮কেজি),মমী নাৰ্জাৰী(৫৭কেজি),হিৰোনজলা বড়ো (৫২কেজি),শ্বৌৰাংচাৰ বসুমতাৰী (৫০কেজি),জুনা গৌড়(৬৩কেজি),জুবলি ৰাভা(৪৩কেজি),ডালিমী বড়ো(৫৭কেজি) আৰু ভৃঙ্গৰাজ ৰাভা(৫৭কেজি)।

Leave A Reply