Breaking

সদৌ অসম কবি মঞ্চৰ উদ্যোগত কবি মঞ্চৰ দ্বিতীয় বৰ্ষপুৰ্তিৰ এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন…

0 70

অসমৰ সাহিত্য চৰ্চাৰ অগ্ৰণী অনুষ্ঠান সদৌ অসম কবি মঞ্চৰ উদ্যোগত আজি ইং-১৫/০৩/২০২৩ তাৰিখ বুধবাৰে গুৱাহাটীৰ চানমাৰিস্থিত পেঞ্চনাৰ ভৱনত সদৌ অসম কবি মঞ্চৰ দ্বিতীয় বৰ্ষপুৰ্তি আৰু আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি দিনযোৰা এক বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হয়।

সদৌ অসম কবি মঞ্চৰ যুটীয়া সম্পাদক চাকিল আহমেদে আঁত ধৰা অনুষ্ঠানৰ আদৰণি ভাষণ ৰাখে সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে ৷

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপিকা ড° পলী ভেকলীন, অমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক ডা° জয় বৰা, লেখিকা ড° ৰুণুমী দত্ত ডেকা, কামৰূপ(ম) জিলা সাহিত্য সভাৰ সহঃসাধাৰণ সম্পাদক মনোজ কুমাৰ দাস,

পুঠিমাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱানন্দ শৰ্মা, জনপ্ৰিয় কণ্ঠশিল্পী মনমিতা ভৰদ্বাজ, কবি মঞ্চৰ কাৰ্যকৰী সভাপতি হীৰামণি লাহন, জ্যোৎস্না ৰাণী বেগমৰ লগতে সদৌ অসম কবি মঞ্চৰ কেন্দ্ৰীয় আৰু জিলা সমিতিৰ বিষয়ববীয়াসকল। অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা প্ৰায় শতাধিক কবিৰ উপস্থিতিয়ে অনুষ্ঠানটো জীপাল কৰি তোলে।

অনুষ্ঠানত সদৌ অসম কবি মঞ্চৰ আলোচনী প্ৰজ্ঞাৰ সন্ধানত উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন বিভাগৰ মুৰব্বী অধ্যাপিকা ড° পলী ভেকলীনে আৰু ড° ৰুণুমী দত্ত ডেকাৰ “মানৱীয় সংস্কাৰ মানে আধ্যাত্মিকতাবাদ” উন্মোচন কৰে অভিনেতা ডা° জয় বৰাই। সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন আৰু যুটীয়া সম্পাদক অলকেশ কলিতাই অনুষ্ঠানটো সফল কৰি তোলা বাবে সমূহ বিষয়বৱীয়া, অতিথিসকল, শুভাকাংক্ষীসকলৰ লগতে সংবাদ মাধ্যমৰ শলাগ লয়

Leave A Reply