All Assam Matak Yuba-Chatra Parishad: সদৌ অসম মটক যুৱ–ছাত্ৰ পৰিষদৰ ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰৰ সফল সামৰণি

সদৌ (All Assam Matak Yuba-Chatra Parishad) অসম মটক যুৱ–ছাত্ৰ পৰিষদৰ উদ্যোগত “অসমৰ মটক জনগোষ্ঠীৰ বিকাশ, উন্নয়নৰ সম্ভাৱনা আৰু সমস্যা সমূহ” শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ নতুন দিল্লীৰ Constitution Club of India ত সফলভাৱে অনুষ্ঠিত হৈ যায়। উক্ত আলোচনা চক্ৰত অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ ঐতিহাসিক পটভূমি, সামাজিক-অৰ্থনৈতিক অৱস্থা, শৈক্ষিক উন্নয়ন, সাংস্কৃতিক সংৰক্ষণ, ৰাজনৈতিক অংশগ্ৰহণ, লগতে জনগোষ্ঠীটোৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়। বিশিষ্ট অতিথি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই মটক জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত থকা বিপুল সম্ভাৱনাসমূহৰ লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা গ্ৰহণযোগ্য নীতি-ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য ৰাখে। জনগোষ্ঠীটোৰ মেধাৱী ছাত্ৰী,উদিয়মান গায়িকা প্ৰস্তুতি নেওগে আঁতধৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে মটক স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়াই।


ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰখনিত নিৰ্দিষ্ট বক্তা ৰূপে বক্তব্য ৰাখে মণিপুৰৰ অৱসৰ প্ৰাপ্ত মুখ্যন্যায়ধীশ সিদ্ধাৰ্থ মৃদুলে।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যদেৱে বিশেষকৈ মটক জনগোষ্ঠীক অনুসূচিত জনজাতিৰ স্বীকৃতি প্ৰদান, ৰজাদিনীয়া ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ, শিক্ষাগত আৰু অৰ্থনৈতিক সৱলীকৰণৰ ক্ষেত্ৰত তৎকালীন পদক্ষেপ গ্ৰহণৰ আহ্বান জনায় বক্তব্য ৰাখে।আলোচনা চক্ৰখনিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে নতুন দিল্লীৰ উচ্চন্যায়লয়ৰ অধিবক্তা তথা মটক যুৱ-ছাত্ৰ পৰিষদৰ আইনি উপদেষ্টা মণিষ দাসে। অসম চৰকাৰৰ পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপণ বৰুৱাই শুভেচ্ছামূলক বক্তব্যত কয় যে, নতুন দিল্লীৰ দৰে ৰাষ্ট্ৰীয় মঞ্চত এই আলোচনা চক্ৰ অনুষ্ঠিত হোৱাটো মটক জনগোষ্ঠীৰ দাবী আৰু সমস্যাসমূহ দেশৰ নীতি-নিৰ্ধাৰক মহলৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

আলোচনা চক্ৰৰ সিদ্ধান্তসমূহ আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাখিল কৰা হ’ব বুলিও বক্তব্যত উল্লেখ কৰে। এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰই মটক জনগোষ্ঠীৰ ঐক্য, সচেতনতা আৰু সংগঠিত আন্দোলনক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰা হয়।ৰাষ্ট্ৰীয় পৰ্যায় আলোচনা চক্ৰত উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উদয় শংকৰ মহন,উপ সভাপতি অনন্ত বৰুৱা,দিব্যজ্যোতি গগৈ,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা,টাইপাৰ নতুন দিল্লীৰ সভাপতি পলাশ গগৈ,দিল্লীৰ সদৌ অসমীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ঋষিকেশ কলিতা।

Related Articles