Breaking

৪ মাৰ্চত আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব গোগামুখৰ সৰ্ব ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰঃ কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাই উদ্বোধন কৰিব প্ৰতিষ্ঠানৰঃ ছাত্ৰী নিৱাসৰ নাম সোৱণশিৰিঃ ছাত্ৰ নিৱাসৰ নাম ব্ৰহ্মপুত্ৰঃ গোগামুখত উখল-মাখল পৰিৱেশ…

0 38

চলিত বৰ্ষৰ ৪ মাৰ্চত সোণালী স্বাকড° বহন কৰিব ধেমাজি জিলাৰ গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এই আৰ ৷ এছিয়া মহাদেশৰ ভিতৰতে অন্যতম বৃহৎ কৃষি গৱেষণা প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱা আই চি এ আৰৰ সম্প্ৰতি ৮০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে ৷  আজি এই কথা অৱগত কৰিছে গোগামুখস্থিত আই চি এ আৰৰ মুৰব্বী ড° লুহিত কুমাৰ বৈশ্যই ৷ তেওঁ আজি সাংবাদিকক অৱগত কৰে যে, গোগামুখস্থিত ভাৰতীয় গৱেষণা প্ৰতিষ্ঠান কেৱল গোগামুখ, অসম বা ভাৰতৰ বাবে নহয় ই সমগ্ৰ দক্ষিণ পূৱ এছিয়াৰ সপোনৰ প্ৰকল্প ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দূৰদৰ্শী চিন্তা আৰু  দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৰ্ববিস্তাৰিত বিকাশ যোজনাৰ ফচল আই চি এ আৰ ৷ আই চি এ আৰ গুৱাহাটী আই টি আই, গুৱাহাটী এইম্‌ছৰ সমানে গুৰুত্বপূৰ্ণ ৷ ইয়াৰ পৰা পৰা সমগ্ৰ দক্ষিণ-পূৱ এছিয়াই কৃষি যোজনাত পুৰামাত্ৰাই লাভান্বিত হ’ব ৷ অন্য উন্নত দেশবোৰত যিমান কৃষি প্ৰযুক্তি উপলব্ধ হৈ আছে আই চি এ  আৰতো এইসমূহ প্ৰযুক্তি উপলব্ধ হ’ব ৷ ইতিমধ্যে আই চি এ আৰত বহুকেইটা এনে বিশ্বমানৰ কৃষি সামগ্ৰী আহি পাইছে ৷ গোগামুখৰ দৰে মফচলীয়া অঞ্চলত এনে বিশ্ব মানৰ অনুষ্ঠান স্থাপন হোৱাটো আমাৰ বাবে গৌৰৱৰ বিষয় ৷

তেওঁ কয়- ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি আমাৰ অসমৰ আয়ুসৰেখা ৷ সোৱণশিৰিক যদি আমি মাতৃ হিচাপে গণ্য কৰোঁ  আৰু ব্ৰহ্মপুত্ৰক পিতৃস্বৰুপ বুলি ভাৱো ৷  নদী দুখনৰ নাম গৰিমা সমগ্ৰ বিশ্বত অক্ষুন্ন ৰখাৰ স্বাৰ্থত আমি আই চি এ আৰৰ ছাত্ৰী নিৱাস নাম দিছোঁ সেহৱণশিৰ আৰু ছাত্ৰ নিৱাসৰ নাম দিছোঁ ব্ৰহ্মপুত্ৰ ৷ চলিত বৰ্ষৰ মে’ মাহৰ পৰা আই চি এ আৰত ছাত্ৰ-ছাত্ৰীসকলে পাঠগ্ৰহণ কৰিব ৷ প্ৰথম পৰ্যায়ত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ইয়াত এগ্ৰিকালছাৰ বি এ চি পাঠ গ্ৰহণ আৰম্ভ কৰিব ৷ ছাত্ৰীসকলে সোৱণশিৰি ছাত্ৰী নিৱাস আৰু ছাত্ৰসকলে ব্ৰহ্মপুত্ৰ ছাত্ৰবাসত থাকিব ৷ এতিয়ালৈকে আই চি এ আৰত ৩১ গৰাকী বিজ্ঞানীয়ে নিজৰ নিজৰ বিভাগত নিৰন্তৰ কাম কৰি আছে আৰু আন ২৯ গৰাকী বিজ্ঞানী মে’ মাহত আই চি এ আৰত যোগদান কৰিব ৷ ইয়াত কৃষি গৱেষণাৰ সমান্তৰালভাৱে স্থানীয়  কৃষকৰ সৰ্বাংগীন বিকাশৰ বাবে কাম কৰি যাব ৷ আই চি এ আৰৰ পৰা  সমগ্ৰ দক্ষিণ-পূৱ এছিয়াত নতুন কৃষি বিপ্লৱৰ সূচনা হ’ব বুলি ড° বৈশ্যই দোহাৰে ৷ উল্লেখ্য, ২০১৭ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গোগামুখস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিছিল আৰু ২০১৮ চনৰ পৰা ইয়াৰ নিৰ্মাণ আৰম্ভ হৈছিল ৷ এতিয়াও পূৰ্ণ পৰ্যায়ত নিৰ্মাণ চলি থকা প্ৰতিষ্ঠানখনৰ মূল পাঠদান গৃহ, প্ৰশাসনিক ভৱন, ছাত্ৰী নিৱাস, ছাত্ৰ নিৱাস, শিক্ষক ভৱন নিৰ্মাণ সম্পূৰ্ণ হৈছে ৷

অৱশ্যে কেবাটাও শিক্ষক ভৱন নিৰ্মাণ এতিয়াও নিৰ্মাণ চলি আছে ৷  গৱেষণা প্ৰতিষ্ঠানৰ শুভ উদ্বোধনৰ উপলক্ষে আজিৰে পৰা বিভিন্ন কাৰ্যসূচী আৰম্ভ হৈছে ৷ ৪ মাৰ্চত কেন্দ্ৰীয় কৃষি মন্ত্ৰী অৰ্জুন মুণ্ডাই আই চি এ আৰৰ আনুষ্ঠানিক উদ্বোধন অনলাইন যোগে উদ্বোধন কৰিব আৰু উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক কৃষি  মন্ত্ৰী কৈলাশ চৌধুৰীয়ে ৷  অনুষ্ঠানত স্থানীয় মন্ত্ৰী, বিধায়ক, সাংসদ, কৃষি বিভাগৰ উচ্চ পদস্থ কেন্দ্ৰীয় বিষয়া, বিজ্ঞানী উপস্থিত থাকিব৷ কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সোণালী যাত্ৰাক কেন্দ্ৰ কৰি সমগ্ৰ গোগামুখত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে৷ 

Leave A Reply