Breaking

মুম্বাইৰ ৱেষ্ট আন্ধেৰীত এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ সৰ্বভাৰতীয় সতীৰ্থ সন্মিলন

0 1,050

মুম্বাইৰ ৱেষ্ট আন্ধেৰীত  ৰবিবাৰে অনুষ্ঠিত হৈ যায় এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ সতীৰ্থ সন্মিলন। কালি মুম্বাইৰ এখন বিলাসী হোটেলত এই অনুষ্ঠানটো দিনৰ ১০ বজাৰ পৰা আৰম্ভণি হৈ আবেলি ৪ মান বজাত সমাপ্তি ঘটে। ভাৰতবৰ্ষৰ ৰাজ্য সমূহৰ ভিতৰত ২৫ খন ৰাজ্যৰ পৰা অহা ৰাজ্যিক সমিতিৰ সভাপতি তথা সাধাৰণ সম্পাদক সকলে কালিৰ সন্মিলনত অংশ গ্ৰহণ কৰে। এই সন্মিলনতে নতুনকৈ অসম ৰাজ্যিক সমিতিৰ সভাপতি হিচাপে মনোনীত হোৱা কিৰণ কুমাৰ গগৈ উপস্থিত থাকি ভাৰতবৰ্ষৰ প্ৰতিটো কোণৰ পৰা অহা সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি প্ৰতিগৰাকী সাংবাদিকৰ বাবে উপযুক্ত সংগঠনটোৰ সৈতে জড়িত হব পাৰি আনন্দ প্ৰকাশ কৰে । উল্লেখ্য যে ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সাংবাদিক সংস্থা এছোচিয়েশ্বন অফ ইণ্ডিয়ন জাৰ্নালিষ্টে প্ৰতিজন সাংবাদিকৰ ভৱিষ্যত সুৰক্ষিত আৰু নিৰাপত্তাৰ বাবে কাম কৰি আছে। এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে সাংবাদিক সকলৰ তিনিটা দিশৰ ওপৰত মনোনিৱেশ কৰি আহিছে। শিক্ষা, স্বাস্থ্য আৰু পৰিবহণ। এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টৰ সদস্য সকলে ভাৰতবৰ্ষৰ কোনো স্থানলৈ যদি যাত্ৰা কৰিব লাগে তেওঁ লাভ কৰিব যাত্ৰাৰ বিশেষ সা-সুবিধা আৰু থকাৰ ব্যৱস্থা। ইয়াৰ সাংবাদিকসকল গুৰুতৰভাৱে অসুস্থ হ’লে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে উন্নত চিকিৎসাৰ বাবে যথেষ্ট সা সুবিধা প্ৰদান কৰে। এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান জাৰ্ণেলিষ্টে ভাৰতবৰ্ষৰ লগতে বিদেশৰ কেইবাখনো মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ সৈতে MOUত স্বাক্ষৰ কৰিছে। যাৰবাবে দৰিদ্ৰ সাংবাদিকৰ মেধাবী ছাত্ৰৰ শিক্ষাৰো সুব্যৱস্থা কৰিছে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে। ইয়াৰোপৰি সাংবাদিকৰ সন্তানে উচ্চ শিক্ষাৰ ক্ষেত্ৰত পাবলগা প্ৰয়োজনীয় প্ৰায়খিনি সা-সুবিধা প্ৰদান কৰি আহিছে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে। সাংবাদিকৰ সুৰক্ষা, নিৰাপত্তা আৰু ভৱিষ্যতৰ বাবে অতন্দ্ৰ প্ৰহৰী হৈ এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে কাম কৰি আহিছে। শেহতীয়াকৈ ডিজিটেল মিডিয়াৰ স্বীকৃতিৰ বাবে এছ’চিয়েশ্যন অৱ  ইণ্ডিয়ান জাৰ্ণেলিষ্টে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কেইবালানি বৈঠক সমাপ্ত কৰিছে। যাৰবাবে শীঘ্ৰেই ডিজিটেল মিডিয়াই স্বীকৃতি লাভ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখ্য যে কালি অনুষ্ঠিত হৈ যোৱা সতীৰ্থ সন্মিলনত  কেইবাগৰাকী জেষ্ঠ সাংবাদিকক ক্ৰিয়েটিভ জাৰ্নালিষ্ট বটাঁ প্ৰদান কৰা হয়।

দেশৰ কেইবাগৰাকী জেষ্ঠ সাংবাদিকৰ লগতে এ আই জে, অসমৰ সভাপতি কিৰণ কুমাৰ গগৈয়ো লাভ কৰে এই বঁটা । বটাঁ লাভ কৰি এ আই জে, অসমৰ সভাপতি কিৰণ কুমাৰ গগৈয়ে কয় যে শীঘ্ৰেই অসমত এছোচিয়েশ্বন অফ ইণ্ডিয়ন জাৰ্নালিষ্টৰ, অসম ৰাজ্যিক সমিতি গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হব। তেওঁ লগতে কয় যিসকল অসমৰ সংবাদ কৰ্মীয়ে ভাৰতবৰ্ষৰ বৃহত্তৰ সাংবাদিক সংগঠন এছোচিয়েশ্বন অফ ইণ্ডিয়ন জাৰ্নালিষ্টৰ সৈতে যোগ হৈ নিজৰ ভবিষ্যত সুনিশ্চিত কৰিব বিচাৰে সেইসকল সতীৰ্থক অসম ৰাজ্যিক সমিতিৰ সৈতে 70865 22558 আৰু ৭৬৬৪৮৭৯৮১৫ মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply