যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেঞ্চন ব্যৱস্থাৰ পুনৰ প্ৰৱৰ্তনৰ দাবীত সৰ্বাত্মক কৰ্মবিৰতি…

সদৌ অসম চৰকাৰী এন পি এচ কৰ্মচাৰী সংস্থাই নতুন পেঞ্চন নীতি প্ৰত্যাহাৰ কৰি পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত আজি ২২ আগষ্ট আৰু কাইলৈ ২৩ আগষ্টত দুদিনীয়াকৈ আহ্বান কৰা সৰ্বাত্মক কৰ্মবিৰতি সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো ৰূপায়ন কৰা হয়। চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত যোৰহাটৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দক্ষিণ যোৰহাট অঞ্চলৰ শতায়ু গৰকা উচ্চ শিক্ষানুষ্ঠান চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো সৰ্বাত্মকৰূপত কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ এন পি এচৰ শিক্ষক-কৰ্মচাৰীসকলে।

কৌস্তভ বৰা, লেখা দত্ত, অৰ্ণালী দত্ত, মানসী পূজাৰী, শিল্পী ভৌমিক, শংকুসিদ্ধ নাথ, অনাদ্ৰিতা হাজৰিকা, নয়নজ্যোতি দেৱশৰ্মা, ধ্ৰুৱজ্যোতি হাজৰিকা, নিতুমণি শইকীয়া, প্ৰিয়ংকা শইকীয়া, স্বপ্না চাংমাই, প্ৰিন্সিপ্ৰিয়া নাথ, মহাশ্বেতা সভাপণ্ডিত, শিৱানী কলিতা প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে ২০০৫ চনৰ পূৰ্বৰ পেঞ্চন নীতি পশ্চিমবংগ, ৰাজস্থান, চত্তিশগড়ৰ দৰে অসমতো প্ৰৱৰ্তন কৰি অসমৰ কৰ্মচাৰী সমাজক আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিবাদৰ ভাষাৰে চৰকাৰক আহ্বান জনায়।

Related Articles