Breaking

গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ মোহন দেওধাই বাইলুং সন্মিলনৰ আনহাতে মুখ্য়মন্ত্ৰীৰ প্ৰতি পূৰ্ণ সমৰ্থন…

0 19

কম সময়তে আহোমসকলৰ বাবে যথেষ্ট কাম কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই
হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি পূৰ্ণ সমৰ্থন মোহন দেওধাই বাইলুং সন্মিলনৰ
বিজেপি চৰকাৰৰ কাম-কাজক প্ৰশংসা সন্মিলনৰ

আহোমসকলক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কম সময়তে যথেষ্ট কাম কৰিছে। পূৰ্বৰ চৰকাৰসমূহৰ তুলনাত ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে মোহন দেওধাই বাইলুংসকলৰ কাৰণে যথেষ্টখিনি পদক্ষেপ হাতত লৈছে। – এই মন্তব্য মোহন দেওধাই বাইলুং সন্মিলনৰ সাধাৰণ সম্পাদক হীৰেন ফুকনৰ। সংবাদ মাধ্যমৰ আগত সন্মিলনৰ সম্পাদকজনে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক প্ৰশংসা কৰি কয় যে টাই আহোম উন্নয়ন পৰিষদৰ জৰিয়তে চৰকাৰখনে আহোমসকলৰ বাবে উন্নয়নমূলক ভালেমান কাম কৰিলে। উদাহৰণস্বৰূপে তেওঁ একলালীন সাহায্য আগবঢ়োৱাৰ কথা, চৰাইদেউ ঐতিহ্যক্ষেত্ৰ সংৰক্ষণ,মোহন দেওধাই বাইলুংসকলৰ বাবে পদক্ষেপ হাতত লোৱা আদিৰ কথা উল্লেখ কৰে। ইয়াৰ বিপৰীতে পূৰ্বৰ চৰকাৰে এনেধৰণৰ পদক্ষেপ হাতত লোৱা নাছিল বুলি তেওঁ মন্তব্য কৰে।

সেয়ে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক মোহন দেওধাই বাইলুং সন্মিলনে পূৰ্ণ সহায়-সহযোগিতা আগবঢ়াই যাব বুলি কয়। আনহাতে, সন্মিলনৰ সাধাৰণ সম্পাদক হিৰেন ফুকনে ঐতিহাসিক ক্ষেত্ৰসমূহৰ সংৰক্ষণৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যিবোৰ কাম কৰি আছে তাৰ শলাগ লয়। তদুপৰি সন্মিলনৰ সাধাৰণ সম্পাদকজনে চ্যুকাফাৰ প্ৰতিমূৰ্তি নিৰ্মাণ, বীৰ লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন, বীৰ লাচিত বৰফুকনৰ জয়ন্তী দিল্লীত উদযাপন কৰি বিশ্বৰ দৰাবাৰত শৌৰ্য-বীৰ্যৰ প্ৰতীক লাচিত বৰফুকনক প্ৰতিষ্ঠা কৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি সদিচ্ছাৰে কাম কৰিলে, তাৰো শলাগ লোৱাৰ লগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে, টাই সাহিত্য-সংস্কৃতি, শিক্ষা আদিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যথেষ্টখিনি কাম হাতত লৈছে আৰু সেইসমূহ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিব সন্মিলনৰ বিশ্বাস আছে বুলি সম্পাদকজনে উল্লেখ কৰে।

উল্লেখ যে আহোম সংগঠনৰ এটা জ্যেষ্ঠ সংগঠন মোহন দেওধাই বাইলুং সন্মিলন। ১৯৬২ চনত এই সংগঠনটোৱে জন্মলাভ কৰে। আজিৰ তাৰিখলৈকে সাংসদ গৌৰৱ গগৈয়ে আহোমসকলৰ এটা খবৰো ৰখা নাই বুলি অভিযোগ কৰে। তেওঁ কয় যে গৌৰৱ গগৈয়ে গাঁৱে-ভঞে ঘূৰি ফুৰিছে যদিও তেওঁ মোহন দেওধাই বাইলুংসকল কি পৰ্যায়ত আছে আজিৰ তাৰিখলৈকে একো এটা খবৰ লোৱা নাই। এতিয়াই যদি গৌৰৱ গগৈয়ে এই মানমুহখিনিৰ খা-খবৰ নাৰাখে পিছত জিকি যোৱাৰ পিছত তেওঁ এই মানুহখিনিৰ খা-খবৰ ৰাখিবনে বুলি প্ৰশ্ন কৰে। মোহন দেওধাই বাইলুংসকলৰ প্ৰয়োজন নাই বুলি গৌৰৱ গগৈয়ে হয়তো ভাবিছে বুলি তেওঁ মন্তব্য কৰি গৌৰৱ গগৈক সমালোচনা কৰে। আনকি গৌৰৱ গগৈয়ে মোহন দেওধাই বাইলুং মানুহখিনক আহোম বুলি ভাবিছে নে নাই এইটো চিন্তা কৰিবলগীয়া বিষয় বুলিও তেওঁ মন্তব্য কৰে।

Leave A Reply