✍️আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ
✍️লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনৰ বাঘজান-জৰাধৰা পানী যোগান আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ
নিম্নমানৰ চিমেন্ট ব্যৱহাৰৰ ফলত নিৰ্মীয়মান অৱস্থাতে ভাঙি গৈছে পকী ৱাল, হাতেৰে চুলেই এৰাই গৈছে পকী প্লাষ্টাৰ | আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্ত্ৰাৰ বিৰুদ্ধে পানী যোগান আঁচনি পৰিদৰ্শন নকৰাৰ ফলতেই ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে |

উল্লেখ্য যে আমগুৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত লালিম চাপৰি গাঁও পঞ্চায়তৰ অধীনত পাঁচটা পানী যোগান আঁচনি নিৰ্মীয়মান হৈ আছে |

যদিও প্ৰত্যেকটোতে দুৰ্নীতি আৰু অনিয়মেৰে নিৰ্মাণৰ অভিযোগ উত্থাপিত হৈছে | আঁচনি সমূহত নিম্নমানৰ ইটা, চিমেন্ট, বালি ব্যৱহাৰৰ বাবে নিৰ্মীয়মান অৱস্থাতে ফাঁট মেলিবলৈ ধৰিছে | ৰাজ্য চৰকাৰে জল জীৱন মিচন আঁচনি ৰূপায়ণত কোটি কোটি টকা ব্যয় কৰি জনসাধাৰণক বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা সময়তে আমগুৰিত জল জীৱন মিচন আঁচনি ৰূপায়ণত ব্যাপক অনিয়ম সংঘটিত হোৱা কাৰ্যই তাৎপৰ্য বহন কৰিছে |

