শুকুৰবাৰে নিশা জামিনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে অভিনেতা আল্লু অৰ্জুনে নিশাটো কাৰাগাৰত কটালে।(Allu Arjun)
তেলেংগানা উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ জামিন দিয়াৰ কেইঘণ্টামান পিছতে শনিবাৰে পুৱা ৬.৩৫ বজাত অভিনেতা আল্লু অৰ্জুনক মুকলি কৰি দিয়া হয় আৰু চাঞ্চলগুডা জেলৰ পৰা। সন্ধ্যা থিয়েটাৰত, পুষ্পা-২ৰ প্ৰিমিয়াৰত সংঘটিত ঘটনাৰ সৈতে জড়িত অভিযোগত অভিনেতাগৰাকীক গ্ৰেপ্তাৰ কৰিছিল। বিষয়াসকলৰ মতে, নিশা জামিনৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবে অভিনেতাগৰাকীয়ে নিশা কাৰাগাৰত সময় কটায়।
পুষ্পা-২ৰ প্ৰিমিয়াৰ শ্ব’ৰ সময়ত সন্ধ্যা ৭০ এম এম থিয়েটাৰত সংঘটিত হোৱা ষ্টেম্পেড ঘটনাত তেওঁৰ নাম সাঙোৰ খাইছিল য’ত এগৰাকী মহিলাক নিহত হৈছিল আৰু তেওঁৰ পুত্ৰই ব্যক্তিগত চিকিৎসালয়ত জীৱন যুদ্ধত যুঁজি আছে।
জে’লৰ পৰা মুকলি হোৱাৰ পাছত অভিনেতা আল্লু অৰ্জুনৰ প্ৰথম প্ৰতিক্ৰিয়া, ‘মই এজন আইন পালনকাৰী নাগৰিক। মই আইনত বিশ্বাস কৰো। মৰম আৰু সমৰ্থনৰ বাবে সকলোকে ধন্যবাদ জনাইছো।’ (Pushpa 2)
— Sai Mohan 'NTR' (@Sai_Mohan_999) December 14, 2024
#AlluArjun pic.twitter.com/8aXyoxzq5c
জে’লৰ পৰা মুকলি হোৱাৰ পাছতে হায়দৰাবাদৰ জুবিলী হিলছত থকা বাসগৃহত উপস্থিত হয় অভিনেতা আল্লু অৰ্জুন। আলিংগন আৰু মৰমৰ চুমাৰে পত্নীয়ে আদৰণি জনালে অভিনেতা আল্লু অৰ্জুনক। চাঞ্চলগুড়া কেন্দ্ৰীয় কাৰাগাৰত এটা নিশা কটাই অভিনেতাগৰাকীয়ে।