Breaking

আলফা স্বাধীনৰ প্ৰেছ বিজ্ঞপ্তিত চাবুৱাৰ এশ বছৰীয়া ঐতিহাসিক গ’ল্ফ ফিল্ডৰ প্ৰসংগ, চাহ ব্যৱসায়ীক সঁকীয়নি

0 2,055

সংযুক্ত মুক্তি বাহিনী , অসম তথা  আলফাই (স্বাধীন) আজি প্ৰকাশ কৰা এক প্ৰেছ বিবৃতিত চাবুৱাৰ ঐতিহাসিক গ’ল্ফ ফিল্ডৰ প্ৰসংগ উত্থাপন কৰি চাহ কোম্পানীক সঁকীয়নি প্ৰদান কৰিছে। সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ স্বাক্ষৰিত বিবৃতিটোত চাবুৱাৰ সমীপৰ অৰ্থাৎ তিনিচুকীয়া জিলাৰ সমীপৰ পানীতোলাত অৱস্থিত এম কে শ্বাহ প্ৰতিষ্ঠানৰ পানীতোলা চাহ বাগিচাৰ ঐতিহ্যমণ্ডিত খেলপথাৰখন খান্দি চাহ পুলি ৰোপণ কৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰিছে সংগঠনটোৱে । উল্লেখ্য যে বিগত আঢ়ৈ বছৰে ডিব্ৰুগড় জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি উক্ত গল্ফ ফিল্ডখনত সকলো ধৰণৰ কাৰ্যকলাপ চলোৱা নিষিদ্ধ কৰিছিল। কিয়নো খাৰজান চাহ বাগিচাখন মালিক গোষ্ঠী এ পি জে কোম্পানীয়ে চাহ বাগিচা পতাৰ নামত মাটি চহাই খেলপথাৰখন নষ্ট কৰিছিল।  এই মাটি চহোৱা কাৰ্যত বাগিচাৰ লোকসকলে সহমত প্ৰকাশ কৰি আহিলেও চাবুৱাৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহে ইয়াৰ তীব্ৰ বিৰোধীতা কৰিছিল ।  বাগিচাৰ পতাৰ প্ৰস্তুতিৰ সময়ত চাহ বাগিচাৰ কৰ্তৃপক্ষই বহু সংখ্যক শত বৰ্ষ গৰকা বিশাল আকাৰৰ বৃক্ষৰ ছাল কাটি মৃত্যু ঘটাইছিল। এই কাৰ্যৰ বিৰুদ্ধে প্ৰকৃতিপ্ৰেমীৰ মাজতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বাদ-বিবাদ আৰু আন্দোলনৰ দৰে কাৰ্যসুচী ৰূপায়িত হোৱাৰ লগতে তেতিয়াৰ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই হস্তক্ষেপ কৰি বিষয়টো প্ৰশাসনক নিষ্পত্তি কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অৱগত কৰিছিল। এই বাতৰি অসমৰ প্ৰতিটো সংবাদ গোষ্ঠীয়ে সবিস্তাৰে প্ৰকাশ কৰাৰ উপৰি ৰাষ্ট্ৰীয় সংবাদতো স্থান লাভ কৰিছিল । শেহতীয়াকৈ ৯ আগষ্ট তাৰিখে ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপালা ঝাৰ সভাপতিত্বত অনুষ্ঠিত এক ত্ৰিপাক্ষিক বৈঠকত চাবুৱা ৰাজহ চক্ৰৰ অধীনৰ বগডুং মৌজাৰ খাজিখোৱা আৰু বিশমাইলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত গল্ফ ফিল্ডখনত বৰ্তি থকা ফৌজিদাৰী কাৰ্যবিধি সম্পূৰ্ণভাৱে শিথিল কৰে। এই বৈঠকত উজনি অসম গল্ফ ফিল্ড এছচিয়েশ্যন, আটছা আৰু চাহ মজদুৰ সংঘ উপস্থিত আছিল। ২৪ হেক্টৰ উক্ত বিশাল এলেকাৰ বাবে সকলো বিবাদৰ অন্ত পেলাবলৈ আয়োজিত সভাৰ সিদ্ধান্তত চাবুৱাৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ১৯১১ চনত ব্ৰিটিছ চাহাব এ ইউ  ক্ৰ ৰ পৰিচালনাত প্ৰথম বাৰৰ বাবে আসাম ফ্ৰণ্টিয়াৰ চেলেঞ্জ কাপ গল্ফ টুৰ্নামেণ্টৰ আয়োজন কৰা হৈছিল। ১৯৩৬ চনত প্ৰথম মহিলা গল্ফ টুৰ্নামেণ্টৰ আয়োজন কৰা হৈছিল।  ১৯৫১,১৯৫৯, ১৯৬০, ১৯৬৫,১৯৭০, ১৯৭৬ আদি চনত বহু ইতিহাস বিজৰিত খেল তথা ক্ৰীড়া আয়োজন হৈছিল। লগতে বহু দেশী-বিদেশী খেলুৱৈ ভাগ লৈছিল চাবুৱাৰ বিশমাইল আৰু খাঁজিখোৱাৰ মাজত অৱস্থিত গল্ফ খনত । 

Leave A Reply