Amarnath Yatra 2025 : ৩৮ দিনীয়া অমৰনাথ যাত্ৰা আৰম্ভ, লক্ষাধিক ভক্তৰ ঢৌ জম্মুত

ডিজিটেল ডেস্কঃ Amarnath Yatra 2025 আজিৰে পৰা আৰম্ভ হ’ল অমৰনাথ যাত্ৰা। জম্মুৰ পৰা প্ৰথমটো তীৰ্থযাত্ৰী দল ৰাওনা হ’ল অমৰনাথলৈ। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই জম্মুৰ ভাগৱতী নগৰ ঘাটিৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰে আৰু তীৰ্থযাত্ৰী দলটো ফ্লেগ অফ কৰে।

কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা মাজেৰে লখানপুৰৰ পৰা ভাগৱতী নগৰ ঘাটিৰেৰে যাত্ৰা আৰম্ভ কৰে ভক্তসকলে। ভাগৱতী নগৰ ঘাটি শিবিৰৰ পৰা তীৰ্থযাত্ৰাৰ মূল যাত্ৰা আৰম্ভ হয় হিমালয় পৰ্বতত অৱস্থিত ৩,৮৮০ মিটাৰ উচ্চতাৰ অমৰনাথ গুহা মন্দিৰলৈ।

৩৮ দিনীয়া এই তীৰ্থযাত্ৰাত যাত্ৰীসকলে দুটা পথৰ পৰা যাত্রা কৰিব পাৰে – অনন্তনাগ জিলাৰ নুনৱান-পেহেলগাম (৪৮ কিমি) আৰু গণ্ডাৰবল জিলাৰ বলটাল (১৪ কিমি) পথৰ জৰিয়তে।

এইবাৰৰ অমৰনাথ যাত্ৰা ৯ আগষ্টত সমাপ্ত হ’ব। বৰ্তমানলৈকে ৩.৩১ লাখতকৈ অধিক তীৰ্থযাত্ৰীয়ে পঞ্জীয়ন সম্পন্ন কৰিছে। বিগত দুদিনত প্ৰায় ৪ হাজাৰ টোকেন বিতৰণ কৰিছে কৰ্তৃপক্ষই। বৰ্তমান ভাগৱতী নগৰ ঘাটিত ৩৫০০তকৈ অধিক তীৰ্থযাত্ৰী আশ্ৰয় লৈ আছে।

তীৰ্থযাত্ৰীৰ সুবিধা আৰু নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিস্তৃত ব্যৱস্থা গ্ৰহণ কৰিছে।

Related Articles