উখল-মাখল কামাখ্যা ধাম৷ কাৰণ ২২ জুনৰ পৰা কামাখ্যা(Ambubachi Mela 2025)ধামত আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ ৷ সাধু-সন্ন্যাসীৰে ভৰি পৰিছে নীলাচল পাহাৰ৷ অম্বুবাচী মহানগৰীত যাতায়াত ব্যৱস্থা সুচল কৰি ৰখাৰ বাবে মহানগৰ যান-বাহন আৰক্ষীয়ে ২২ জুনৰ পৰা ২৫ জুনলৈ কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ মহানগৰ যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে৷ ভক্ত কঢ়িয়াই অনা বাহনবোৰে ক’ত পাৰ্কিং কৰিব– ভক্তসকলক কঢ়িয়াই অনা যান-বাহনসমূহে নীলাচল ফ্লাইঅ’ভাৰৰ তলত যাত্ৰীসকলক নমাই আদাবাৰী বাছষ্টেণ্ড আৰু বৰিপাৰা খেলপথাৰত যান-বাহনবোৰ ৰাখিব লাগিব৷ নীলাচল ফ্লাইঅ’ভাৰৰ তলৰ ছাৰ্ভিচ লেনেৰে সাধাৰণ জনতাৰ চলাচল সীমিত কৰা হ’ব৷ ব্যক্তিগত যান-বাহন লৈ অহা ভক্তসকলে আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা খেলপথাৰ বা মাছখোৱাৰ এ এছ টি চিত যান-বাহনসমূহ ৰাখিব লাগিব ৷
কোনবোৰ স্থানত পথৰ দাঁতিত যান-বাহনৰ পাৰ্কিং নিষিদ্ধ থাকিব– ক] পাণ্ডু প’ৰ্ট ৰোডত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প’ৰ্ট পৰ্যন্ত পথৰ দুয়ো কাষত পাৰ্কিং নিষিদ্ধ ৷ খ] বৰবজাৰ ৰোডত মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু প’ৰ্ট পৰ্যন্ত পথৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ ৷ গ] এলিভেটেড কৰিড’ৰত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব ৷ ঘ] শান্তিপুৰ বাছ ষ্টেণ্ডৰ পৰা এলিভেটেড কৰিড’ৰৰ আৰম্ভণিলৈ ডি জি ৰোডৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ কৰা হৈছে ৷ ঙ] এলিভেটেড কৰিড’ৰৰ আৰম্ভণিৰ পৰা নীলাচল ফ্লাইঅ’ভাৰৰ আৰম্ভণিলৈ ডি জি ৰোডৰ দুয়োটা কাষতে পাৰ্কিং কৰিব নোৱাৰিব৷ চ] নীলাচল ফ্লাইঅভাৰৰ দুয়োটা কাষত কোনো যান-বাহন পাৰ্কিং কৰিব নোৱাৰিব৷ ছ] নীলাচল ফ্লাইঅভাৰৰ পৰা আদাবাৰী তিনিআলিলৈ পথৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ কৰা হৈছে ৷ অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী বাহন, ঠেলাগাড়ী ইত্যাদিৰ চলাচল জালুকবাৰী ৰ’টাৰীৰ পৰা মাছখোৱালৈ ডি জি ৰোড, এম জি ৰোড পুৱা প্ত বজাৰ পৰা নিশা ১১ বজালৈ বন্ধ থাকিব৷ অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী বাহন, ঠেলাগাড়ী ইত্যাদিৰ চলাচল পাণ্ডু প’ৰ্ট ৰোডত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু প’ৰ্টলৈ আৰু বৰবজাৰ ৰোডত মালিগাঁও তিনিআলিৰ পৰা পাণ্ডু প’ৰ্টলৈ পুৱা প্ত বজাৰ পৰা নিশা ১১ বজালৈ বন্ধ থাকিব৷
ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডত কোনো ধৰণৰ আন্তঃ জিলা পৰিবহণ বাছ আৰু দূৰণিবটীয়া বাছৰ [অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধীনস্থ বাছকে ধৰি] চলাচল বন্ধ থাকিব৷ নামনি অসমৰ পৰা অহা সকলো ধৰণৰ দূৰণিবটীয়া দূৰত্বৰ বাছ মাছখোৱা অভিমুখে যাব নোৱাৰিব৷ বাছবোৰ আদাবাৰী বাছষ্টেণ্ডত ৰখাব লাগিব ৷ কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাছবোৰ পি এন জি বি ৰোড-ডি জি ৰোড-আদাবাৰী তিনিআলি-পাণ্ডু প’ৰ্ট ৰোড হৈ আগবাঢ়ি ভক্তসকলক পাণ্ডু প’ৰ্টৰ অস্থায়ী বিশ্ৰাম শিবিৰত নমাব ৷ পাণ্ডু প’ৰ্ট আৰু কামাখ্যা ষ্টেচনৰ অস্থায়ী শিবিৰৰ পৰা অহা ভক্তসকলে নীলাচল ফ্লাইঅ’ভাৰৰ ছাৰ্ভিচ লেনেৰে দেৱালয় অভিমুখে যাত্ৰা কৰিব৷ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেতেলীয়া হৈ গোশালা অভিমুখে কোনো গধুৰ বাহনক যাবলৈ দিয়া নহ’ব৷ উল্লিখিত নিষেধাজ্ঞাসমূহৰ পৰিপ্ৰেক্ষিতত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অভিমুখে যাত্ৰা কৰা লোকসকলক নিজৰ যাত্ৰাপথৰ পৰিকল্পনা আগতীয়াকৈ স্থিৰ কৰাৰ লগতে ২৭নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে বুলি বিবৃতিত প্ৰকাশ৷