Breaking

লাহৰীঘাটৰ টেঙাগুৰিত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ এম্বুলেন্স উদ্বোধন

0 2,014

ভূৰাগাঁও ,প্ৰতিবেদক ;-  মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ টেঙাগুৰি স্হিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ত  নগাঁও লোক সভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ পূজিৰ ধনেৰে এম্বুলেন্স সেৱা মুকলি কৰে। এম্বুলেন্স সেৱা মুকলি অনুষ্ঠানটি সঞ্চালনা কৰে লাহৰীঘাট সমষ্টিৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰে। অনুষ্ঠানটিত চিকিৎসক ও  স্বাস্থ্য কৰ্মী সকলৰ লগতে  জিলা কংগ্রেছৰ সভাপতি বীৰ কুমাৰ কোঁৱৰ, ব্লক সভাপতি ইব্রাহীম আলী, হস্পিটেলৰ ভুমিদাতা অৱসৰপ্ৰাপ্ত শিক্ষক আবুল হাছান,  অসম প্ৰদেশ বি জে পি সংখ্যালঘু মৰ্চাৰ প্ৰাক্তন  উপ সভাপতি জাবেদ আলী আহমেদ,কুশতলি মন্ডল বি জে পিৰ সম্পাদিকা তচলিমা বেগমৰ  উপৰিও  কেবা শতাধিক স্হানীয় ৰাইজ উপস্থিত আছিল। অৱশ্যে   মূল  অনুষ্ঠানৰ আগতে বিধায়ক গৰাকীয়ে নবনির্মিত টেঙাগুৰি বজাৰ গৃহৰ উদ্বোধন কৰে।  শেহতীয়াকৈ ৰাজ্যৰ ৫ গৰাকী কৈ কিশোৰীয়ে আলফাত যোগদান সন্দৰ্ভত নগাঁও লোক সভা সমষ্টিৰ সাংসদৰ প্ৰতিক্ৰিয়া।  ইপিনে চৰ-চাপৰিত প্ৰশাসনে চলোৱা উচ্ছেদ সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে সাংসদ জনে।  উল্লেখ্য যে এই এম্বুলেন্স সেৱাই টেঙাগুৰি অঞ্চলৰ এক আপুৰুগীয়া সমস্যাৰ সমাধান  হোৱাত  স্হানীয় ৰাইজে  স্বস্তি প্ৰকাশ কৰে। 

Leave A Reply