Breaking

আমেৰিকাৰ এখন চহৰৰ মানুহে পোৱা নাই বিশুদ্ধ খোৱা পানী…

0 27


আমেৰিকাৰ টেনেচি চহৰৰ জলাশয়ৰ পানীত ডিজেল মিহলি হোৱাৰ বাবে স্থানীয় ৰাইজ সমস্যাৰ সন্মুখীন হৈছে কাৰণ তেওঁলোকৰ ঘৰত থকা টেপলৈ আহিছে ডিজেল মিহলি দূষিত পানী। টেনেচিৰ মানুহে প্ৰায় এসপ্তাহ ধৰি এই সমস্যাৰ সন্মুখীন হৈ আছে আৰু তেওঁলোকে বিশুদ্ধ খোৱাপানী লাভ কৰা নাই। বুধবাৰে মেম্ফিছৰ উপকণ্ঠ অঞ্চল জাৰ্মানটাউনত বাস কৰা প্ৰায় ৪০ হাজাৰ লোকক ডিজেল লেচযুক্ত পানী ফ্লাছিং টয়লেটৰ বাহিৰে আন কামত ব্যৱহাৰ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। এসপ্তাহৰ পাছতো এইসকল লোকৰ পৰিস্থিতিৰ উন্নতি হোৱা নাই। এই লোকসকলে নলৰ পানীও খাব নোৱাৰে, উতলাও নোৱাৰে। ডিজেলৰ পানী গা ধোৱাৰ বাবেও ব্যৱহাৰ কৰিব নোৱাৰে। চহৰ খনৰ কৰ্তৃপক্ষই ব্যক্তিগত কামত ব্যৱহাৰ বাবে বটলৰ পানী ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে ৰাইজক। লগতে মহানগৰ খনত বটলৰ পানী বিতৰণ কৰা হৈছে। আনহাতে টেপৰ পানী কেতিয়া ব্যৱহাৰ কৰিব পাৰি সেয়া এতিয়াও সঠিকৈ জনোৱা নাই মহানগৰখনৰ কৰ্তৃপক্ষই।

বিষয়াসকলে জনোৱা মতে, শেহতীয়াকৈ এক ধুমুহাৰ সময়ত পানী উদ্যোগটোৰ সৈতে বিদ্যুৎ বিচিন্ন্ হোৱাত উদ্যোগটোত এটা জেনেৰেটৰ ব্যৱহাৰ কৰা হৈছিল আৰু জলাশয়ৰ পানীৰ সৈতে মিহলি হৈ গৈছিল এই জেনেৰেটৰটো ভিতৰত থকা ডিজেল।


Leave A Reply