ৰং-তুলিকাৰ বিচিত্ৰ সমাহাৰ এখন বিদ্যালয়ত।(Amingaon news)
চিত্ৰ কলা বিদ্যাৰে উজ্জ্বলিছে বিদ্যালয়খন।
বিদ্যালয় খনৰ প্ৰতিটো কোঠালি সজোৱা হৈছে সুন্দৰ সুন্দৰ চিত্ৰৰে।
এই চিত্ৰ সমূহ নিজেই অংকন কৰিছে ছাত্ৰ-ছাত্ৰী সকলে।
আমিনগাঁৱৰ শংকৰদেৱ জাতীয় বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীৰ চিত্ৰ কলাৰ প্ৰতিভা চাবলৈ বিদ্যালয়ত সমাগম ঘটিছে অভিভাৱক সকলৰ।
চিত্ৰকলা বিষয়ৰ শিক্ষক প্ৰসেন গগৈয়েও বিশিষ্ট শিল্পী, ৰাজনীতিকৰ ছবি অংকনেৰে আদৰ বুটলিছে সকলোৰে।
ৰবিন্দ্ৰ নাথ ঠাকুৰ, স্বামী বিবেকানন্দ, লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, ৰাজীৱ শদিয়াকে ধৰি মহাত্মা গান্ধী, ইন্দিৰা গান্ধী, সুভাষ চন্দ্ৰ বসুৰ দৰে বিশিষ্ট লোক সকলৰ চিত্ৰ অংকন কৰিছে প্ৰসেন গগৈয়ে।
ছাত্ৰ-ছাত্ৰী সকলকো প্ৰয়াত বিশিষ্ট চিত্ৰ শিল্পী নিলপৱণ বৰুৱাৰ বাতেৰেই বাট বুলাৰ আদৰ্শ দেখুৱাইছে চিত্ৰ শিল্পী প্ৰসেন গগৈয়ে।

