২০,০০০ আসনবিশিষ্ট আমিনগাঁৱৰ(Amingaon Stadium)আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম মুকলি হ’ব ২০২৬ত। আজি আমিনগাঁৱৰ নিৰ্মীয়মান ষ্টেডিয়াম পৰিদৰ্শন কৰি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত টেষ্ট, ODI, T-20 আটাইকেইটা ফৰ্মেটত খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা।(Himanta Biswa Sarma)
ক্ৰীড়াৰ আন্তঃগাঁথনি শক্তিশালীকৰণ, আধুনিক প্ৰশিক্ষণ ব্যৱস্থাৰে খেলুৱৈসকলক আগুৱাই নিবলৈ অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই আহিছে৷ সুপ্ত ক্ৰীড়া প্ৰতিভাসমূহৰ বিকাশ কৰাৰ প্ৰয়াসৰ অংশ হিচাপে আমিনগাঁৱত নিৰ্মাণ হৈ থকা ক্ৰিকেট ষ্টেডিয়ামখনত ২০ হাজাৰ লোকে একেলগে উপভোগ কৰিব পাৰিব খেল।
আজিৰ পৰিদৰ্শনকালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্ধাৰিত সময়ৰ ভিতৰত ষ্টেডিয়ামখনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিয়ে৷
তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত নিৰ্মাণ অৱস্থাত থকা চুইমিং পুলৰ চলিত কাৰ্যৰ বুজ লয় আৰু বেডমিণ্টন ষ্টেডিয়াম ‘নেশ্যনেল চেণ্টাৰ অৱ এক্সিলেন্স’ আমিনগাঁও, গুৱাহাটীত এখন্তেক ৰৈ প্ৰশিক্ষণৰত আৱাসিক খেলুৱৈসকলৰ অনুশীলন খেলো উপভোগ কৰে।
আনহাতে শ্বিলঙৰ দৰে আমিনগাঁৱৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামটো অনুষ্ঠিত হ’ব LIVE MUSICAL CONCERT। এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা