আজি গুৱাহাটীত দ্বিতীয়টো দিন অমিত শ্বাহৰ। (Amit Shah)
গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি দিনটো কাৰ্যসূচী।
পুৱা ১০.৫৫ বজাত উজানবজাৰস্থিত নৱ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।
ইয়াৰ পিছতে খানাপাৰালৈ ৰাওনা হ’ব অমিত শ্বাহ।
দুপৰীয়া ১ বজাত খানাপাৰাত NDAৰ পঞ্চায়ত সন্মিলনত অংশ ল’ব।
বিয়লি ৩.৩০ বজাত উপস্থিত হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত।
পশু চিকিৎসা মহাবিদ্যালয়ৰ নৱ নির্মিত প্রেক্ষাগৃহ পৰিদৰ্শন কৰিব অমিত শ্বাহে।
৫ হাজাৰ আসনযুক্ত হ’ব এই নতুন প্রেক্ষাগৃহটো।
প্রাক্তন মুখ্যমন্ত্রী গোলাপ বৰবৰাৰ জন্মদিন বার্ষিকী কাৰ্যসূচীত অংশ ল’ব।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত অনুষ্ঠিত হ’ব গোলাপ বৰবৰাৰ জন্মবার্ষিকী অনুষ্ঠান।
শুকুৰবাৰে সন্ধিয়া ৬ বজাত নতুন দিল্লীলৈ উৰা মাৰিব গৃহমন্ত্ৰীগৰাকী।

