আজি অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।( Amit Shah)
কেইবাটাও কাৰ্যসূচীৰে অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
আজি নিশা বৰঝাৰ বিমানবন্দৰত উপস্থিত হ’ব অমিত শ্বাহ।
কইনাধৰাত নিশা কটাব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
কাইলৈ বটদ্ৰৱা প্ৰকল্পৰ শুভ উদ্বোধন কৰিব অমিত শ্বাহে।
উদ্বোধনৰ পিছতে গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব বিশাল জনসভা।
দিনৰ ২.৩০ বজাত মুকলি কৰিব আৰক্ষী আয়ুক্তৰ কাৰ্যালয়।
বিয়লি ৩.৩০ বজাত মুকলি কৰিব জ্যোতি-বিষ্ণু প্রেক্ষাগৃহ।
সন্ধিয়া পুনৰ দিল্লীলৈ উৰা মাৰিব কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ।

