Breaking

ইউনিফৰ্ম চিভিল কোডৰ প্ৰসংগত কংগ্ৰেছক সমোলোচনা অমিত শ্বাহৰ, কংগ্ৰেছে নেহৰুৰ নীতিকে অৱজ্ঞা কৰিছিল…

0 17

ইউনিফৰ্ম চিভিল কোডৰ প্ৰসংগত কংগ্ৰেছৰ সমালোচনাত মুখৰ হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। শ্বাহে কয় “ইউনিফৰ্ম চিভিল কোড সাংবিধানিক কাৰ্যসূচী আছিল। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নিজেই ইয়াত স্বাক্ষৰ কৰিছিল। অৱশ্যে, কংগ্ৰেছে পিছত ইয়াৰ তোষণৰ ৰাজনীতিৰ বাবে ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী কৰা নাছিল। ‘ শ্বাহে ইউনিফৰ্ম চিভিল কোডৰ বিষয়টোক লৈ কংগ্ৰেছক আক্ৰমণ কৰি কয় যে কংগ্ৰেছে নেহৰুৰ নীতিক অবহেলা কৰিছিল। আজি ইউনিফৰ্ম চিভিল কোডৰ বিষয়ত আয়োজিত এক সন্মিলনত ভাষণ দি শ্বাহে কয়,
“উত্তৰাখণ্ডত অভিন্ন নাগৰিক সংহিতা ৰূপায়ণ এক সামাজিক পৰিৱৰ্তন। এয়া সকলো মঞ্চত আলোচনা কৰা হ’ব আৰু বিষয়টো আইনী পৰীক্ষাৰ সন্মুখীন হ’ব। ধৰ্মনিৰপেক্ষ দেশ এখনত ধৰ্মৰ ওপৰত আধাৰিত নাগৰিক বিধি থাকিব নোৱাৰে’’। অমিত শ্বাহে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণত পলম হোৱাৰ বাবেও কংগ্ৰেছক দোষাৰোপ কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছে তোষণৰ বাবে ৰাম মন্দিৰ নিৰ্মাণৰ পথত বাধা হৈ থিয় দিছিল। শ্বাহে লগতে কয় “ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ কোনো অধিকাৰ নাই।

কাৰণ ১৯৪৭ চনত দেশ বিভাজনৰ বাবে কংগ্ৰেছ দলেই দায়বদ্ধ আছিল। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ঘোষণা কৰে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰা হ’ব। নাগৰিকত্ব সংশোধনী আইনে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ হিন্দুকে ধৰি ছয়টা সংখ্যালঘু সম্প্ৰদায়ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে। এই আইনখন ২০১৯ চনত সংসদৰ অনুমোদনত প্ৰণয়ন কৰা হৈছিল। অৱশ্যে, এই আইনৰ নিয়ম এতিয়ালৈকে প্ৰস্তুত কৰা হোৱা নাই। লোকসভা নিৰ্বাচনৰ পূৰ্বে কা কাৰ্যকৰী কৰা হ’ব বুলি আজি শ্বাহে পুনৰবাৰ কয়। ইয়াৰ পূৰ্বে ২৭ ডিচেম্বৰতো অমিত শ্বাহে কলকাতাত কৈছিল যে কা কাৰ্যকৰী কৰা হ’বই। কোনো শক্তিয়ে কা বন্ধ কৰিব নোৱাৰে। শেহতীয়াকৈকেইবাখনো ৰাজহুৱা সভাত কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰেও দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কা কাৰ্যকৰী কৰা হ’ব।

Leave A Reply