Amit Shah: ভাৰত গণতান্ত্ৰিক দেশ, নেপাল নহয়, ইয়াত জেন জেডৰ প্ৰতিবাদ হ’ব নোৱাৰেঃ অমিত শ্বাহ

নেপালৰ দৰে (Amit Shah) ভাৰততো জেন জিৰ প্ৰতিবাদ হব পাৰে বুলি একাংশ লোকে কৰি অহা আশংকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এনে আশংকাৰ কথা পোণচাটেই নাকচ কৰিছে৷ বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰাক্‌-মুহূৰ্তত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নেপালত সংঘটিত হোৱা জেন-জি প্ৰতিবাদ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে৷

সংবাদ মাধ্যমৰ আগত নিজৰ মত প্ৰকাশ কৰি গৃহমন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে কয় যে, নেপালত যি ধৰণৰ ব্যৱস্থাৰ বিৰুদ্ধে যুৱক-যুৱতীসকলে বিদ্ৰোহ কৰিছে, সেয়া ভাৰতত কেতিয়াও সম্ভৱ নহয়৷ শ্বাহে লগতে কয় যে, ভাৰতৰ গণতন্ত্ৰ অতি গভীৰভাৱে শিপাই আছে আৰু ই যথেষ্ট শক্তিশালী৷ তেওঁ স্পষ্টকৈ কয়, ‘ভাৰত নেপাল নহয়, আমাৰ গণতান্ত্ৰিক শিপা অতি শক্তিশালী৷ ইয়াত জেন জেডৰ প্ৰতিবাদ সম্ভৱ বুলি মই নাভাবো৷ আমাৰ দেশৰ যুৱক-যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰি দেশৰ উন্নয়নত অৰিহণা যোগায়৷’

বিহাৰৰ নিৰ্বাচন সন্দৰ্ভত অমিত শ্বাহে কয়-যদি বিহাৰৰ ভোটাৰে মহাজোঁট বাছি লোৱাৰ ভুল কৰে, তেন্তে নিশ্চিতভাৱে ‘জংগল ৰাজ’ বিহাৰলৈ ঘূৰি আহিব৷

Related Articles