কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে (Amit Shah) লোকসভাত এক বিশেষ বিধেয়ক উত্থাপন কৰে, য’ত প্ৰস্তাৱ দিয়া হৈছে যে কোনো মন্ত্ৰী, মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীক যদি কোনো গোচৰত পাঁচ বছৰ বা ততোধিক সময়ৰ বাবে শাস্তি বিহা হয়, কোনো অপৰাধত গ্ৰেপ্তাৰ বা আটক কৰি ৩০ দিন ধৰি কাৰাগাৰত ৰখা হয়, তেন্তে তেওঁলোকৰ পদ স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ’ব৷ বুধবাৰে লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দাখিল কৰিব তিনিখনকৈ বিধেয়ক৷ নতুন বিধেয়কে অপৰাধী গোচৰত আটক বা গ্ৰেপ্তাৰ হোৱা প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী বা জনপ্ৰতিনিধিক তাৎক্ষণিকভাৱে অপসাৰণ কৰিব৷ নতুন বিধেয়কে অপৰাধী গোচৰত আটক বা গ্ৰেপ্তাৰ হোৱা প্ৰধানমন্ত্ৰী-মুখ্যমন্ত্ৰী, মন্ত্ৰী বা জনপ্ৰতিনিধিক তাৎক্ষণিকভাৱে অপসাৰণ কৰিব৷ ইয়াৰ বাবে গৃহমন্ত্ৰীগৰাকীয়ে সংবিধানৰ ১৩০সংখ্যক সংশোধনী বিধেয়ক আজি লোকসভাত দাখিল কৰে৷ সংবিধানৰ ২৩৯ [ক] অনুচ্ছেদত পঞ্চম[ক] পৰিচ্ছদ অন্তৰ্ভুক্ত কৰা হ’ব৷
মূলতঃ এই বিধেয়কে শেহতীয়াকৈ দিল্লীত হোৱাৰ দৰে পৰিস্থিতিৰ অৱসান ঘটাব৷ দিল্লীৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ হৈ কাৰাগাৰত দিন কটায়ো অৰবিন্দ কেজৰিৱালে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব এৰা নাছিল৷ গৃহমন্ত্ৰীয়ে আজি দাখিল কৰিবলগীয়া বিধেয়ক অনুসৰি মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত প্ত বছৰ বা ততোধিক সময়ৰ বাবে কাৰাদণ্ডৰ শাস্তিযোগ্য যিকোনো অপৰাধ সংঘটিত কৰাৰ অভিযোগত বৰ্তমান বলৱৎ হৈ থকা আইনৰ অধীনত ৩০ দিনৰ বাবে একেৰাহে গ্ৰেপ্তাৰ বা জিম্মাত থাকিলে, গ্ৰেপ্তাৰ আৰু আটক কৰাৰ একত্ৰিশ দিনৰ ভিতৰত পদত্যাগ কৰিব লাগিব, আৰু যদি তেওঁ পদত্যাগ নকৰে, তেন্তে ৩০ দিন উকলি যোৱাৰ পিছৰ দিনটোৰ পৰাই তেওঁৰ মুখ্যমন্ত্ৰীৰ পদ খাৰিজ হ’ব৷ সুৰা কেলেংকাৰিৰ অভিযোগত ইডি আৰু চিবিআইৰ জিম্মাত থকা অৱস্থাত কেজৰিৱালে প্ৰায় ৬ মাহ ধৰি পদত্যাগ কৰা নাছিল৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী এজনক গ্ৰেপ্তাৰ কৰি ৩০ দিনৰ বাবে জিম্মাত ৰখাৰ ক্ষেত্ৰতো প্ৰস্তাৱিত সংশোধনীত একেই ব্যৱস্থা কৰা হৈছে৷ গৃহমন্ত্ৰীগৰাকীয়ে সদনত দাখিল কৰিবলগীয় আন দুখন বিধেয়ক হ’ল- কেন্দ্ৰীয়শাসিত অঞ্চল শাসন সংশোধনী বিধেয়ক-২০২৫ আৰু জম্মু কাশ্মীৰ পুনৰ্গঠন বিধেয়ক-২০২৫৷
এই বিধেয়ক উত্থাপন কৰাৰ লগে লগে আছাদুউদ্দিন ওৱেইচীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ তেওঁৰ মতে, ‘ই ক্ষমতাৰ বিভাজনৰ ওপৰত আঘাত হানিছে৷ এই বিধেয়কে কাৰ্যনিৰ্বাহক সংস্থাক বিচাৰক, জুৰি আৰু দণ্ডকাৰী হিচাপে কাজ কৰাৰ ক্ষমতা প্ৰদান কৰিব৷’ কংগ্ৰেছ সাংসদ মনীশ তিৱাৰীয়ে এই বিধেয়কক ‘সম্পূৰ্ণৰূপে ধবংসাত্মক’ আখ্যা দিয়ে৷ তেওঁ কয়, ‘ভাৰতীয় সংবিধানত আইন-শৃংখলাৰ শাসনৰ কথা কৈছে, য’ত যিকোনো ব্যক্তিক বিচাৰত দোষী প্ৰমাণ নোহোৱা পৰ্যন্ত নিৰ্দোষী বুলি ধৰা হয়৷ কিন্তু এই বিধেয়কে সেই নীতি সলনি কৰিব বিচাৰে৷’

