Breaking

‘মণিপুৰ হিংসাৰ তদন্তৰ বাবে গঠন কৰা হ’ব আয়োগ’ অমিত শ্বাহ…

0 84

মণিপুৰ হিংসাঃ ‘মণিপুৰ হিংসাৰ তদন্তৰ বাবে গঠন কৰা হ’ব আয়োগ’, অমিত শ্বাহ। মণিপুৰৰ হিংসা সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে আমি এই সমগ্ৰ বিষয়ত ন্যায়িক আয়োগ গঠন কৰিম আৰু শান্তি সমিতিসমূহক হিংসা ৰোধৰ বাবে প্ৰচেষ্টা চলাবলৈ ক’ম, বৃহস্পতিবাৰে সংবাদমেলৰ জৰিয়তে এই মন্তব্য কৰে অমিত শ্বাহে। তেওঁ কয় যে মই তিনিদিন ধৰি হিংসাত্মক অঞ্চলসমূহ ভ্ৰমণ কৰিছো। ৰাজ্যৰ কেবিনেট মন্ত্ৰীকে ধৰি প্ৰতিটো সম্প্ৰদায়ৰ সৈতে মোৰ বৈঠক হৈছে। ভাৰত চৰকাৰে এই হিংসাৰ তদন্ত সম্পূৰ্ণ কৰিব উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পৰ্যায়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে। ইয়াৰ বাবে গঠন কৰা হ’ব এখন আয়োগ। ইয়াৰ সমান্তৰালকৈ ভাৰত চৰকাৰেও এখন শান্তি সমিতি গঠন কৰিব। বৰ্তমান মণিপুৰত বহু এজেন্সীয়ে কাম কৰি আছে।

আনহাতে ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰিব ক্ষতিপূৰণ। মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা ৫-৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব। একে সময়তে চিবিআইৰ এটা বিশেষ দলে ৬টা গোচৰৰ তদন্ত কৰিব। ইয়াৰ মাজতে গৃহমন্ত্ৰীয়ে সকলো ৰাইজক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে উৰাবাতৰিৰ প্ৰতি কোনো গুৰুত্ব নিদিব। এতিয়া ৰাজ্যৰ পৰিস্থিতি ঠিকেই আছে।

ৰাজ্যৰ পৰিস্থিতিৰ উন্নতিৰ তথ্য দি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ১৫টা পেট্ৰ’ল পাম্প বাছনি কৰা হৈছে। যিবোৰ দিনে নিশাই খোলা থাকিব। মণিপুৰতো ৰে’লযোগে যোগান আৰম্ভ কৰা হ’ব। এই সকলোবোৰ উপায়েৰে ৰাজ্যত যিবোৰ বস্তুৰ অভাৱ হৈছে সেইবোৰ পূৰণ হ’ব। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত চৰকাৰৰ একাংশ শিক্ষা বিষয়া মণিপুৰত উপস্থিত হৈছে, যাতে শিশুসকলৰ বাবে শিক্ষা ব্যৱস্থাটো সহজ কৰি তুলিব পৰা যায়। অমিত শ্বাহে দাবী কৰে যে শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। চুক্তিসমূহৰ চৰ্তসমূহ কঠোৰভাৱে পালন কৰিব লাগে, যিসকলৰ হাতত অস্ত্ৰ-শস্ত্ৰ আছে তেওঁলোকে আৰক্ষীক গতাই দি আত্মসমৰ্পণ কৰিব লাগে।

তথ্য দি অমিত শ্বাহে কয় যে, ২৯ এপ্ৰিলত মণিপুৰ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বাবে ৰাজ্যৰ দুটা গোটৰ মাজত হিংসাত্মক ঘটনা আৰম্ভ হৈছিল যদিও এতিয়া সকলো নিয়ন্ত্ৰণত আছে। অমিত শ্বাহে কয়, মোডী আৰু ডাবল ইঞ্জিন চৰকাৰৰ ৬ বছৰ মণিপুৰৰ ইতিহাসত উন্নয়নৰ বছৰ আছিল। শিক্ষা, স্বাস্থ্যৰ ক্ষেত্ৰত আমি অগ্ৰগতি লাভ কৰিছো। মণিপুৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পৰাই মণিপুৰ হিংসা আৰু সান্ধ্য আইনৰ পৰা মুক্ত হৈ আহিছে।

Leave A Reply