আজি চিৰাঙলৈ অমিত শ্বাহ, গুৰুৰ ঘৰত গ্ৰহণ কৰিব আহাৰ

আজি চিৰাঙলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনৰ সময়ত সভা–সমিতিৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ লাঞ্চ পলিটিক্স। মাটিৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপনত বদ্ধপৰিকৰ বিজেপি নেতাসকলে সাধাৰণতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কোনো সাধাৰণ মানুহৰ ঘৰত। দখল কৰে বাতৰিৰ শিৰোনাম। আজি চিৰাঙলৈ যাবলগীয়া অমিত শ্বাহে আহাৰ গ্ৰহণ কৰিব অনন্ত মহাৰাজৰ ঘৰত। কি থাকিব অমিত শ্বাহৰ মেন্যুত?চিৰাঙত ৰাজবংশীয় ধৰ্মগুৰু অনন্ত মহাৰাজৰ ঘৰলৈ যাব অমিত শ্বাহ। গ্ৰেটাৰ কোচবিহাৰ পিপল্ছ এছ’চিয়েচনৰ নেতা অনন্ত ৰায় কোচবিহাৰৰ স্বঘোষিত মহাৰাজা। থাকে চিৰাং জিলাত। ৰাজনৈতিক মহলৰ মতে, কোচ ৰাজবংশীৰ ১৮ লাখ মানুহ আছে অনন্ত ৰায়ৰ সৈতে। মধ্যাহ্ন ভোজনো তাতেই কৰিব অমিত শ্বাহে। অংশ ল’ব বৈঠকতো।অমিত শ্বাহৰ খোৱাৰ ব্যৱস্থা কৰাৰ দায়িত্ব অনন্ত ৰায়ৰ পত্নী সাবিত্ৰী ৰায়ৰ ওপৰত। একেবাৰে সাধাৰণ আহাৰ গ্ৰহণ কৰিব অমিত শ্বাহে। পুৱা চাউলৰ পিঠা আৰু নাৰিকলৰ লাড়ুৰ জুতি ল’ব গৃহমন্ত্ৰীয়ে।দুপৰীয়া গ্ৰহণ কৰিব মধ্যাহ্ন ভোজন। ভাত, দাইল, পটল ভাজি, পনীৰ, চাটনি, দৈ–গোল্লা খাব অমিত শ্বাহে।ইয়াৰ পূৰ্বে মেদিনীপুৰত আদিবাসী পৰিয়ালত, শান্তি নিকেতনত বাসুদেৱ বাউলৰ ঘৰত খাদ্য গ্ৰহণ কৰিছিল অমিত শ্বাহে।

Related Articles