২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই লৈ সমগ্ৰ নগাঁৱতে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। কিন্তু বটদ্ৰৱাৰ বাহিৰেও নগাঁৱৰ পুৰণিগুদানৰ নৱনিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰো দৰ্শন কৰিব পাৰে গৃহমন্ত্ৰী গৰাকীয়ে। সেয়ে আজি মহামৃত্যঞ্জয় মন্দিৰলৈ নিৰাপত্তাজনিত দিশ পৰ্য্যবেক্ষণ কৰিবলৈ ৰাওনা হয় নগাঁৱৰ আৰক্ষী অধীক্ষক তথা উচ্চপদস্থ আৰক্ষী বিষয়াসকল। আৰক্ষীৰ লগতে চিআৰপিএফৰ উচ্চপদস্থ বিষয়াইয়ো মহামৃত্যঞ্জয় মন্দিৰৰ স্থান পৰিদৰ্শন কৰে। স্মৰ্তব্য যে, অহা ২৭ ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমাৰ দিনটোতে মহামৃত্যুঞ্জয় মন্দিৰৰ শুভউদ্বোধন কৰিবলৈ আমন্ত্ৰন জনোৱা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। কিন্তু বৰ্তমানলৈকে এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিশ্চয়তা প্ৰদান কৰা নাই। সেয়ে প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে অহা ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে মহামৃত্যঞ্জয় মন্দিৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে অমিত শ্বাহে মহামৃত্যঞ্জয় মন্দিৰ দৰ্শনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে নগাঁও আৰক্ষীয়ে