অমৃত ভাৰত ষ্টেচন আঁ‌চনিৰে আধুনিকীকৰণ কৰা হ’ব ঐতিহ্যমণ্ডিত মৰিয়নি ৰে’লৱে ষ্টেচন

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ ৫০৮ টা ৰে’লৱে ষ্টেচনৰ পুনৰ নির্মাণ হ’ব৷ এই ৰে’ল ষ্টেচনৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে ১৩৯ বছৰীয়া মৰিয়নি ৰেল ষ্টেচন। মৰিয়নি ষ্টেচনক আটকধুনীয়াকৈ অত্যাধুনিক ৰূপ দিয়াৰ বাবে ৩৩,৮ কোটি টকা আবণ্টন দিছে ৰেল মন্ত্ৰালয়ে।

এই সন্দৰ্ভত দেওবাৰে মৰিয়নি ৰে’লৱে ষ্টেচনত অনুষ্ঠিত শিলান্যাস কাৰ্যসূচীত ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক ৰুপজ্যোতি কুৰ্মী, তিতাবৰ মহকুমাৰ মহকুমাধিপতি ৰাহুল গুপ্তা, ৰাজহ চক্ৰ বিষয়া কুইন গগৈ, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° হৰেন গোৱালা, তিনিচুকীয়া ৰেল সংমণ্ডলৰ উপ বানিজ্য প্ৰবন্ধক এছ চন্দ্ৰ শেখৰ ৰাও, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া আদি গণ্য মান্য ব্যক্তি সকলে মঞ্চৰ আসন শুৱনি কৰে।

এই সভাখনত বিজেপি নেতা কামাখ্যা মোহন দাস, মৰিয়নি পৌৰসভাৰ উপ পৌৰপতি প্রদীপ দাস, জেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যকৰী সভাপতি ধীৰেন্দ্ৰ নাথ দত্তৰ লগতে ৰে’ল কৰ্মচাৰীসকল উপস্থিত থাকে।


প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে ৰিমট কণ্ট্ৰোলেৰে দেশৰ ৫০৮ টা অমৃত ভাৰত ষ্টেচনৰ শিলান্যাস কৰাৰ লগে লগে মৰিয়নি ষ্টেচন অমৃত ভাৰত ষ্টেচনৰ শিলান্যাষৰ ফলক উন্মোচন কৰে বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে।

নিজৰ ভাষণ প্ৰসংগত বিধায়ক ৰুপজ্যোতি কুৰ্মীয়ে কয় শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত মৰিয়নি ৰে’ল ষ্টেচনক
আধুনিক ৰূপ দিয়াৰ লগতে মৰিয়নিৰ ইতিহাস আৰু বৰ্তমান প্ৰতিফলিত হ’ব লাগিব লগতে পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বন জনায়। আনহাতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই নিজৰ ভাষণত কয় বৰ্তমানৰ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰে দেশৰ সকলো প্ৰান্তকে ৰে’ল সেৱাৰ লগত সংযুক্ত কৰাৰ লগতে ৰে’ল সেৱাক বিশ্ব মানৰ কৰি তুলিবলৈ ব্যাপক আঁ‌চনি প্ৰস্তুত কৰিছে।

অমৃত ভাৰত ষ্টেচন আঁ‌চনিৰে দেশৰ প্ৰতিটো প্ৰান্তৰ ৰে’ল ষ্টেচনক আধুনিক ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। উল্লেখ্য যে অমৃত ভাৰত ষ্টেচন কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বটাঁ‌ সমূহ প্ৰদান কৰা হয়। অনুষ্ঠানটো আঁত ধৰে ৰেল কৰ্মচাৰী ৰীমা মহন্তই।

Related Articles